নতুন দিল্লী
আজি দেশবাসীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। সমগ্ৰ দেশতে উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাৰ পৰা এই ৰাষ্ট্ৰীয় অনুষ্ঠানৰ নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছত লালকিল্লাত পতাকা উত্তোলন কৰে। এইবাৰৰ উদযাপন বিশেষ কাৰণ ‘বন্দে মাতৰম’ৰ ডেৰশ বছৰ সম্পূৰ্ণ হৈছে, আৰু প্ৰথমবাৰৰ বাবে লালকিল্লাত বন্দে মাতৰত গুঞ্জৰিত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ধাৰাবাহিকভাৱে ১৩ বাৰৰ বাবে পতাকা উত্তোলন কৰি এক অভিলেখ গঢ়িছে। পতাকা উত্তোলনৰ লগত সংগতি ৰাখি ১৭২১ ফিল্ড বেটাৰী (চেৰেমনিয়েল)ৰ সাহসী গানাৰসকলৰ দ্বাৰা ২১ তোপৰ চালামী দিয়া হয়। মেজৰ পৱন সিং শ্বেখাৱাটে এই আনুষ্ঠানিক বেটাৰীৰ কমাণ্ড কৰিছিল, যিটো থলুৱা ১০৫ মিমি লাইট ফিল্ড গানেৰে সজ্জিত আছিল। সেই মুহূৰ্তত ভাৰতীয় বায়ুসেনাৰ দুখন মি-১৭ হেলিকপ্টাৰৰে পুষ্পবৃষ্টি কৰে।
ভাৰতৰ ৰাষ্ট্ৰীয় গীত ‘ৱন্দে মাতৰম’ৰ ১৫০ বৰ্ষ সম্পূৰ্ণ হৈছে। এই বিশেষ উপলক্ষে প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা ‘ৱন্দে মাতৰম’ পৰিৱেশন কৰা হয়। লালকিল্লাৰ প্ৰাচীৰৰ সন্মুখৰ জ্ঞানপথত ‘ৱন্দে মাতৰম’ৰ এক আকৃতিও নিৰ্মাণ কৰা হয়, য’ত সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ কেডেটসকলৰ উপৰিও ‘মেৰা ভাৰত’ৰ স্বয়ংসেবকসহ মুঠ ২,৫০০ গৰাকী ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে।
এইবাৰ স্বাধীনতা দিৱসৰ বিষয়বস্তু “উন্নত ভাৰতৰ বাবে যুৱ শক্তি ২০৪৭”আৰু “বন্দে মাতৰম”ৰ ১৫০ বছৰীয়া জয়ন্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে, স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাত ‘ৱন্দে মাতৰম’ প্ৰতিধ্বনি হৈছে।
উল্লেখযোগ্য যে, স্বাধীনতা দিৱসৰ উদযাপনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে, ১৫ আগষ্টত লাল কিল্লাৰ চৌহদত দেশৰ স্বাধীনতাৰ ৭৯তম বাৰ্ষিকীৰ সময়ত ‘বন্দে মাতৰম’ গোৱা হয়, যাৰ পিছত ভৱ্য কাৰ্যসূচীত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই ভৱ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। লালকিল্লাৰ প্ৰাচীৰত ফুলৰ সাজ-সজ্জাৰ মাজমজিয়াত ৰাষ্ট্ৰীয় পতাকা আৰু তাৰ দুয়োফালে হিন্দীত ‘বন্দে মাতৰম’ বুলি লিখা আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশপ্ৰেমৰ উৎসাহ আৰু কটকটীয়া নিৰাপত্তাৰ মাজত লাল কিল্লাত ৮০তম স্বাধীনতা দিৱস উদযাপনৰ নেতৃত্ব দিয়ে। সেনাবাহিনীৰ বেণ্ডে বন্দে মাতৰমৰ সুৰ বজায়। এই সময়ছোৱাত উপস্থিত অতিথিসকলে ৰাষ্ট্ৰীয় গীত গায়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত গোৱা হয়।