নতুন দিল্লী
উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰক নাবালকৰ ওপৰত ভাৰতীয় আইন মানি চলিবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক বাধ্যতামূলক কৰা বিধিগত নিয়ম প্ৰণয়ন কৰিবলৈ কয়৷ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচী আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন হয়৷
স্বেচ্ছাসেৱী সংগঠন জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্সে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল বিচাৰপীঠে৷ স্বেচ্ছাসেৱী সংস্থাটোৱে ১৮ বছৰৰ অনুৰ্ধ্বই স্বতন্ত্ৰভাৱে ছ’চিয়েল মিডিয়া একাউণ্ট সৃষ্টি আৰু ব্যৱহাৰ কৰাত বাধা দিবলৈ কঠোৰ সুৰক্ষা আৰু ডিজিটেল ফায়াৰৱাল বিচাৰিছিল৷ জ্যেষ্ঠ অধিবক্তা এইচ এছ ফুলকাই স্বেচ্ছাসেৱী সংস্থাটোক আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰক প্ৰতিনিধিত্ব কৰিছিল৷
অনলাইন গ্ৰুমিং, যৌন নিৰ্যাতন, চাইবাৰ ক্ৰাইম, যৌন শোষণৰ দৰে সন্মুখীন হোৱা গুৰুতৰ ভাবুকিৰ প্ৰতি শীৰ্ষ আদালতৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল৷ বয়সৰ পৰীক্ষণ দুৰ্বল হোৱাৰ বাবে শিশুসকলে সন্মুখীন হোৱা তথ্যৰ অপব্যৱহাৰৰ বিষয়েও বিচাৰপীঠক অৱগত কৰা হয়৷
বিচাৰপীঠে মেহতাক কয়, "আপুনি এই বিষয়ে তদন্ত কৰা উচিত৷ ছ'চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ হ'লে ডিজিটেল সেৱাৰ চৰ্তত সন্মতি দিব লাগিব, যিটোৱে আইনী চুক্তি হিচাপে কাম কৰে৷"
বিচাৰপীঠখনে লগতে কয়, “ভাৰতীয় চুক্তি আইন, ১৮৭২ৰ ১১ নং ধাৰাত ১২ৰ পৰা ১৫ বছৰৰ ভিতৰৰ সকলে চুক্তিবদ্ধ হ’ব নোৱাৰে আৰু নাবালকৰ সৈতে কৰা চুক্তিসমূহ আৰম্ভণিতে বাতিল হয়৷”
মেহতাই কিবা এটা কৰিব লাগিব বুলি কয় আৰু নাবালকে ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰীৰ সৈতে কৰা চুক্তিসমূহ আৰম্ভণিতে বাতিল হ’ব বুলি ৰায় দিয়ে। বিচাৰপীঠে পৰ্যবেক্ষণ কৰিলে যে, চৰকাৰে মধ্যস্থতাকাৰী-শাসনৰ কাঠামোৰ অধীনত ইয়াক বিধিগত ফৰ্মেট দিয়াটো পৰীক্ষা কৰিব লাগিব৷
মেহতাই কয় যে, প্ৰাইমা ফেচি এই বিষয়টো ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ৰ পৰিসৰৰ ভিতৰত পৰে৷ ফুলকাই অৱশ্যে আঙুলিয়াই দিয়ে যে, তথ্য সুৰক্ষা আইনখনৰ প্ৰাসংগিক বিধানসমূহ ২০২৭ চনৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ যুক্তি আগবঢ়ায় যে নতুন আইনখনৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। বৰ্তমানৰ আইন অনুসৰি নাবালকসকলে কৰা চুক্তি বাতিল হ’ব।
বিচাৰপীঠখনে পৰ্যবেক্ষণ কৰে যে ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰীসকলে অন্ততঃ এনেদৰে সদস্যপদ নিশ্চিত কৰিব লাগে যাতে নূন্যতম বয়সৰ সীমা ১৮ বছৰ উলংঘা নহয়৷ এই আবেদনত কিশোৰৰ বাবে সম্পূৰ্ণ ইণ্টাৰনেট নিষেধাজ্ঞা বিচৰা হোৱা নাই, বৰঞ্চ অভিভাৱক/অভিভাৱিকাৰ বাধ্যতামূলক সন্মতি আৰু স্বয়ংক্ৰিয় কাৰিকৰী ‘ফায়াৰৱাল’ বিচৰা হৈছে৷
যোৱা বছৰ চৰকাৰে প্ৰণয়ন কৰা ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা নিয়ম ২০২৫ত কিশোসকলে ছ’চিয়েল মিডিয়া একাউণ্ট খোলাৰ বাবে অভিভাৱকৰ সন্মতিৰ কথা চিন্তা কৰা হৈছিল৷