গুৱাহাটী
ৰাজ্যৰ বানপীড়িত জিলাকেইখনৰ পৰিস্থিতি কিছু উন্নত হৈছে। তথাপি বৰ্তমানো কেইবালাখ লোক বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই। শুকুৰবাৰে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ জনলৈ বৃদ্ধি পাইছে।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে শুকুৰবাৰে নিশা দৈনিক বান সস্পৰ্কীয় বুলেটিনত প্ৰকাশ কৰা অনুসৰি নগাঁও, গোলাঘাট, শিৱসাগৰ, কামৰূপ, হোজাই, যোৰহাট, লখিমপুৰ জিলাত বানৰ সংহাৰ অব্যাহত আছে ৷ এই ৭ খন জিলাৰ ২০ টা ৰাজহ চক্ৰৰ ৩১৩ খন গাঁৱৰ ৭৮,৬৩৭ জন লোক বৰ্তমানো বানৰ কৱলত আছে আৰু ৮২৬৮.৭১ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷
ইফালে শুকুৰবাৰে শিৱসাগৰ জিলাত বানত এজন লোকৰ মৃত্যু হৈছে ৷ গোলাঘাটত সৰ্বাধিক ৩০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে নগাঁৱত ২৬,২৯২ জন আৰু শিৱসাগৰ ১২,৪৮০জন লোক বানৰ কৱলত আছে ৷
উল্লেখযোগ্য যে, প্ৰশাসনে পাঁচখন জিলাত ৬৮টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি ১৬,৭০৩জন ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সাহাৰ্য আগবঢ়ায় । বানৰ ফলত বিভিন্ন জিলাৰ মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷