ৰাজ্যপাল ছৈয়দ আতা হাছমাইন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
নতুন দিল্লী
অহা মাহত অনুষ্ঠিত হ’বলগীয়া ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিহাৰৰ ৰাজ্যপাল ছৈয়দ আতা হাছমাইন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াই।
বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে এজন প্ৰাক্তন সেনা বিষয়া তথা বিশিষ্ট কৌশলগত পৰিক্ৰমা বিশেষজ্ঞ হিচাপে পৰিচিত ছৈয়দ আতা হাছমাইন নিজেই এজন শ্বিয়া মুছলমান।
আনহাতে, অসমৰ অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কৰ্মৰত হোৱাৰ লগতে তেওঁ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বতো আছে।
ইৰানৰ ৰাষ্ট্ৰপতি মাছউদ পেজেশ্কিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অহা ৪ জুলাইৰ পৰা ৯ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। সাধাৰণতে এনে ধৰণৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চৰকাৰৰ মুৰব্বীসকলে নিজৰ প্ৰতিনিধি মনোনীত কৰাটোৱেই নিয়ম।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণকে ধৰি এক ব্যস্ত বৈদেশিক কাৰ্যসূচী থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ইৰান ভ্ৰমণৰ সম্ভাৱনা কম।
৮৬ বছৰীয়া খামেনেই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেহৰাণত আমেৰিকা আৰু ইজৰাইলৰ এক যুটীয়া আক্ৰমণত নিহত হৈছিল। ইৰানৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ৪ জুলাইত তেহৰাণত অন্ত্যেষ্টিক্ৰিয়াৰ ধৰ্মীয় অনুষ্ঠানসমূহ আৰম্ভ হ’ব আৰু ৯ জুলাইত তেওঁৰ গৃহ চহৰ মাশ্বহাদত তেওঁক সমাধিস্থ কৰা হ’ব।
ইয়াত উল্লেখ কৰিব পাৰি যে ২০২২ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ইৰানৰ তদানীন্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে অংশগ্ৰহণ কৰিছিল।
ৰাষ্ট্ৰপতি পেজেশ্কিয়ানৰ পৰা আনুষ্ঠানিক আমন্ত্ৰণ লাভ কৰা বিশ্বৰ কেইবাগৰাকীও নেতাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডী অন্যতম। ইয়াৰ উপৰিও চীন, ৰাছিয়া, কাটাৰ, ফ্ৰান্স আৰু পাকিস্তানৰ নেতাসকলকো এই আমন্ত্ৰণ জনোৱা হৈছে।
কূটনৈতিক পৰ্যবেক্ষকসকলৰ মতে, আমেৰিকা আৰু ইৰানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ ঠিক পিছতেই অহা এই আমন্ত্ৰণৰ জৰিয়তে তেহৰাণে হয়তো এই সংকেত দিব বিচাৰিছে যে পশ্চিম এছিয়াৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো তেওঁলোকে ভাৰতক এক গুৰুত্বপূৰ্ণ সভ্যতাগত আৰু কৌশলগত অংশীদাৰ হিচাপে গণ্য কৰি আহিছে।