নূৰুল হক / আগৰতলা
নিৰন্তৰ চেষ্টা, আগ্ৰহ আৰু অধ্যৱসায়ে মানুহক সফলতাৰ বহু শিখৰলৈ লৈ যাব পাৰে। তাৰেই প্ৰমাণ দিলে ত্ৰিপুৰাৰ এগৰাকী যুৱতীয়ে। ৰাজ্যখনৰ এখন দুৰ্গম গাঁৱৰ পৰা ওলাই আহি এমবিবিএছৰ (MBBS) পাঠ্যক্ৰম শেষ কৰি চিকিৎসক হ’বলৈ সক্ষম হ'ল এগৰাকী যুৱতী। যুৱতীগৰাকীৰ নাম নিহা তছলিম তামান্না। ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কৈলাচহৰ ধৰলিয়াৰকান্দি গাঁৱৰ প্ৰয়াত শিক্ষক হান্নান আলী আৰু মাতৃ ৰেহানা বেগমৰ কন্যা সন্তান ডাক্তৰ নিহা তছলিম তামান্না। তামান্নাই এই বছৰ ত্ৰিপুৰা চৰকাৰী মেডিকেল কলেজ হাপানিয়াৰ পৰা এম.বি.বি.এছ. সম্পূৰ্ণ কৰিছে। গাঁৱৰ যুৱতীগৰাকীৰ এই সফলতাত কৈলাচহৰ ধৰলিয়াৰকান্দি গাঁৱত এতিয়া আনন্দৰ জোৱাৰ উঠিছে।
পিতৃ-মাতৃৰ একমাত্ৰ কন্যা তামান্নাই অক্লান্ত পৰিশ্ৰম, অদম্য ইচ্ছাশক্তি আৰু দীৰ্ঘদিনৰ সংগ্ৰামৰ মাজেৰেই নিজৰ তথা সমাজৰ বাবে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকীৰ এই সফলতাৰ আঁৰত লুকাই আছে এক আবেগিক কাহিনী।
ডিগ্ৰী গ্ৰহণৰ মুহূৰ্তত ডাঃ নিহা তছলিম তামান্না
প্ৰয়াত পিতৃ আব্দুল হান্নান আছিল তামান্নাৰ স্বপ্ন পূৰণৰ মৌন অনুপ্ৰেৰণা। মুছলমান সমাজৰ একাংশই যি সময়ত ছোৱালীক বোৰ্খা আৰু হিজাবৰ আঁৰত ৰাখি কেৱল ধৰ্মীয় শিক্ষাৰ মাজতে আবদ্ধ কৰি ৰাখে, তেনে সময়তে আব্দুল হান্নানে সৰুৰে পৰাই ছোৱালীক সফলতাৰ শিখৰত উপনীত হোৱাৰ সপোন দেখুৱাইছিল। তামান্নাৰ মাতৃয়ে কয় যে তামান্নাক ডাঙৰ-দীঘল কৰিবলৈ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবেই তেওঁৰ দেউতাকে দ্বিতীয় সন্তানৰ কথা চিন্তা কৰা নাছিল।
তামান্নাৰ পৰা জানিব পৰা মতে, প্ৰাথমিক পৰ্যায়ত তেওঁ এখন স্থানীয় ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগতে এটা মক্তবতো পঢ়াশুনা কৰিছিল। মক্তবত পঢ়ি তেওঁ মুছলমান ধৰ্মীয় ৰীতি-নীতি আৰু কোৰআন খতম দিয়ে। একেদৰে ইংৰাজী মাধ্যমৰ স্কুলত বুনিয়াদী শিক্ষাত তেওঁ ইংৰাজীৰ লগতে সাধাৰণ শিক্ষাতো পাৰদৰ্শিতা অৰ্জন কৰে।
কিন্তু চহৰৰ পৰা বহু দূৰত গাঁৱৰ মাজত ছোৱালীজনীৰ নিয়মীয়া পঢ়া-শুনা চলাই নিয়াটো কিছু প্ৰত্যাহ্বানজনক আছিল। সেয়েহে প্ৰাথমিক শিক্ষাৰ পিছতেই পিতৃ আব্দুল হান্নানে ভাল শিক্ষাৰ বাবে পত্নী আৰু কন্যাক জিলা চহৰ ধৰ্মনগৰলৈ পঠিয়াই দিয়ে। মাতৃ ৰেহানা বেগমে নিজৰ ঘৰ-দুৱাৰ এৰি তামান্নাৰ ছাঁটোৰ দৰে সংগী হৈ ধৰ্মনগৰত ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে।
ডাঃ নিহা তছলিম তামান্না
ধৰ্মনগৰস্থিত ভগিনী নিবেদিতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তামান্নাই সকলো বিষয়তে লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছতেই পৰৱৰ্তী শিক্ষাৰ বাবে মাতৃৰ সৈতে তামান্নাই আগৰতলালৈ আহে। আগৰতলাৰ ঐতিহ্যমণ্ডিত মহাৰাণী তুলসীবতী বিদ্যালয়ত বিজ্ঞান শাখাত তামান্নাই উচ্চতৰ মাধ্যমিক পঢ়া সমাপ্ত কৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাতো তেওঁ সকলো বিষয়তে লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পিছতেই সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ হাপানিয়া ত্ৰিপুৰা মেডিকেল কলেজত এম.বি.বি.এছ. পাঠ্যক্ৰমত নামভৰ্তি কৰে।
২০২১ চনত এম.বি.বি.এছ.-ত নামভৰ্তি কৰাৰ পিছত সফলতাৰে পাঠ্যক্ৰম শেষ কৰি চলিত বৰ্ষৰ ১৮ এপ্ৰিলত নিহা তছলিম তামান্নাই ডিগ্ৰী লাভ কৰে। অৱশ্যে তামান্নাৰ এই সফলতাৰ লগত লুকাই আছে পিতৃ বিয়োগৰ এক কৰুণ কাহিনী। যিগৰাকী পিতৃয়ে নিজৰ ছোৱালীৰ উজ্জ্বল সফলতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল, তামান্নাৰ পঢ়া শেষ হোৱাৰ আগতেই পিতৃয়ে এই পৃথিৱী এৰি চিৰদিনলৈ গুছি গ’ল।
শিক্ষক আব্দুল হান্নানে গাঁৱৰ পৰিৱেশ আৰু ধৰ্মীয় বাধ্যবাধকতাৰ ঊৰ্ধত তামান্নাক সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ সপোন দেখুৱাইছিল। কিন্তু তামান্নাই এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ মাত্ৰ দুবছৰৰ ভিতৰতে শিক্ষক আব্দুল হান্নানৰ হাওঁফাওঁৰ কেন্সাৰ (Lung Cancer) হৈ মৃত্যু হয়। কিন্তু পিতৃৰ মৃত্যুত তামান্না থমকি নৰ’ল। বৰঞ্চ পিতৃৰ সপোন সাৰ্থক কৰিবলৈ তামান্না অধিক আগ্ৰহী হৈ উঠিল। মাকৰ সৈতে তেওঁ আগৰতলাত থাকিবলৈ লয় আৰু হাপানিয়া ত্ৰিপুৰা মেডিকেল কলেজৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।
জন্মৰ পিছত যিজনী সৰু তামান্নাক কোলাত লৈ সফল ভৱিষ্যতৰ সপোন দেখিছিল শিক্ষক আব্দুল হান্নানে, সেই সপোনে আজি বাস্তৱ ৰূপ পালে। তামান্নাৰ এই সফলতাত তেওঁৰ পৰিয়াল, আত্মীয়ৰ লগতে গোটেই গাঁওবাসী গৌৰৱান্বিত হৈ পৰিছে। তামান্নাই জানিবলৈ দিয়ে যে তেওঁৰ এই সফলতা তেওঁৰ মাতৃ আৰু প্ৰয়াত পিতৃক উৎসৰ্গা কৰিব বিচাৰে। একেদৰে তেওঁ কয় যে অনাগত দিনত তেওঁ মেডিচিন বিভাগত স্নাতকোত্তৰ (Master's) কৰিব বিচাৰে আৰু নিজৰ গাঁৱৰ সাধাৰণ মানুহক চিকিৎসা সেৱা আগবঢ়াব বিচাৰে। চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ কৰিবলৈ বৰ্তমান তেওঁ পিজি নিট (PG NEET) পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।
তামান্নাই তেওঁৰ এক শুভেচ্ছা বাৰ্তাত ধৰ্মীয় বাধ্যবাধকতাৰ ঊৰ্ধত ছোৱালীবোৰক আধুনিক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। তামান্নাই কয় যে এগৰাকী ছোৱালী শিক্ষিত হ’লে তেওঁ কেৱল নিজকে আগুৱাই লৈ নাযায়, বৰঞ্চ গোটেই সমাজখনকে আগুৱাই লৈ যাব পাৰে। তেওঁ অনুৰোধ জনাইছে যে ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত সমাজখন যেন অধিক দায়িত্বশীলতাৰে আগবাঢ়ি আহে।