পাকিস্তানক ভাৰতৰ বিৰুদ্ধে অভিযানৰ পৰা বিৰত থকাৰ সকীয়নি সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ

Story by  atv | Posted by  Munni Begum • 13 h ago
সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী
সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী
 
নতুন দিল্লী
 
শনিবাৰে ইছলামাবাদলৈ এক কঠোৰ সামৰিক বাৰ্তা প্ৰেৰণ কৰি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে, যদি পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া আৰু ভাৰতৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে, তেন্তে তেওঁলোকে "ভূগোলৰ অংশ হব বিচাৰে নে ইতিহাসৰ অংশ হ'বলৈ বিচাৰে সেয়া সিদ্ধান্ত ল'ব লাগিব।" 
 
নতুন দিল্লীৰ মানেক্সা চেণ্টাৰত ‘ইউনিফৰ্ম আনভেইলড’ৰ উদ্যোগত আয়োজিত এক মত-বিনিময় অধিবেশনত তেওঁক সোধা হৈছিল যে, যোৱা বছৰ অপাৰেচন সেন্দুৰৰ সূচনা কৰা পৰিস্থিতি পুনৰ আহিলে ভাৰতীয় সেনাই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
 
সেনাধ্যক্ষ গৰাকীয়ে কয়, "যদি আপোনালোকে মোৰ কথা আগতেও শুনিছে, মই তেতিয়াও কৈছিলো... যে পাকিস্তানে যদি সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে আৰু ভাৰতৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে, তেন্তে তেওঁলোকে ভূগোল অংশ হ'ব বিচাৰে নে  ইতিহাসৰ অংশ হ'ব বিচাৰে সেইটো সিদ্ধান্ত ল'ব লাগিব।"  
 
দেশ আৰু ভাৰতীয় সেনাই অপাৰেচন সেন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰাৰ কেইদিনমান পিছতে 'সেনা সংবাদ'ৰ অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। জেনেৰেল দ্বিবেদীৰ মন্তব্যত পাকিস্তানলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি পুনৰ দোহাৰিছিল।
 
বিগত বৰ্ষৰ ৭ মে'ত পহালগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে অপাৰেচন সেন্দুৰ আৰম্ভ কৰা হৈছিল। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত ভাৰতীয় সেনাই সঠিক আক্ৰমণ চলাইছিল।
 
পৰৱৰ্তী সময়ত পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল, আৰু ভাৰতৰ সকলো পৰৱৰ্তী প্ৰতি-আক্ৰমণো অপাৰেচন সেন্দুৰৰ অধীনত কৰা হৈছিল। পাৰমাণৱিক অস্ত্ৰসম্পন্ন চুবুৰীয়া দেশ দুখনৰ মাজত প্ৰায় ৮৮ ঘন্টা ধৰি চলা সামৰিক সংঘৰ্ষ ১০ মে'ৰ সন্ধিয়া বুজাবুজিৰ পিছত বন্ধ হৈছিল।