ডেংগু সংক্ৰমণৰ পিছত শিশুৰ অৱস্থা কিয় দ্ৰুত অৱনতি হয়? কি কৈছে বিশেষজ্ঞই

Story by  atv | Posted by  [email protected] • 52 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
ডেংগু ৰোগৰ ঘটনা সাধাৰণতে বাৰিষা আৰু বাৰিষা পৰৱৰ্তী ঋতুত বৃদ্ধি পায়, যি প্ৰাপ্তবয়স্ক আৰু শিশু উভয়কে প্ৰভাৱিত কৰি আহিছে। চিকিৎসকসকলে কয় যে, প্ৰাকৃতিকভাৱে ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰাপ্তবয়স্ক লোকসকলৰ তুলনাত শিশুৰ বেছি নহয়,  যদিও  শিশুসকল প্ৰায়েই মহৰ কামোৰৰ দ্বাৰা আক্ৰান্ত হয় আৰু সংক্ৰমণৰ পিছত দ্ৰুতগতিত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। এই কাৰণতে, প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা শিশুসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ।
 
শালীমাৰ বাগৰ ফৰ্টিছ হাস্পতালৰ প্ৰধান সঞ্চালক আৰু শিশু ৰোগ বিভাগৰ মুৰব্বী ডাঃ অৰবিন্দ কুমাৰে কয় যে, ডেংগু ভাইৰাছৰ বাবে শিশু  জৈৱিকভাৱে বেছি সংবেদনশীল নহয়। অৱশ্যে কিছুমান আচৰণগত আৰু শাৰীৰিক কাৰকে তেওঁলোকৰ সংস্পৰ্শ আৰু গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। তেওঁ ব্যাখ্যা কৰে যে, ডেংগু ৰোগত আক্ৰান্ত এডিছ মহে শিশু আৰু প্ৰাপ্তবয়স্ক উভয়কে কামুৰিলেহে ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে শিশুসকলক অধিক মহে কামুৰিলেহে তেওঁলোকৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
 
চিকিৎসকসকলে কয় যে, শিশুসকল তেওঁলোকৰ দৈনন্দিন অভ্যাস আৰু কাৰ্যকলাপৰ বাবে মহৰ আক্ৰমণৰ সন্মুখীন হয়। কিয়নো শিশুসকলে প্ৰায়ে বাহিৰত অধিক সময় অতিবাহিত কৰে, বিশেষকৈ দিনত আৰু সন্ধিয়াৰ সময়ত, যেতিয়া এডিছ মহবোৰ সক্ৰিয়  হৈ থাকে। শিশুসকলে সাধাৰণতে উদ্যান, বাগিছা আৰু ঘাঁহনি অঞ্চলসমূহ য'ত মহে প্ৰজনন কৰে তেনে ঠাইত খেলি থাকে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
তদুপৰি, শিশুসকলে ছুটি কাপোৰ বা চৰ্টছ পিন্ধাৰ সম্ভাৱনা অধিক থাকে, যাৰ ফলত তেওঁলোকৰ শৰীৰৰ অধিকাংশ উন্মুক্ত হৈয়ে থাকে। শৰীৰৰ তাপ আৰু কাৰ্বন-ডাই-অক্সাইডৰ প্ৰতি মহবোৰ আকৰ্ষিত হয়। যিহেতু শিশুসকল সাধাৰণতে অধিক শাৰীৰিকভাৱে সক্ৰিয় হয়, তেওঁলোকে অধিক তাপ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, যাৰ ফলত সিহঁত মহবোৰৰ বাবে সহজলভ্য হৈ পৰে।
 
চিকিৎসকসকলে লগতে কয় যে, প্ৰাপ্তবয়স্কসকলৰ তুলনাত শিশুৰ ছালৰ বেক্টেৰিয়াৰ প্ৰফাইল বেলেগ হোৱাৰ সম্ভাৱনা থাকে, যিয়ে শৰীৰৰ গোন্ধ সৃষ্টি কৰিব পাৰে, আৰু যি গোন্ধই মহক অধিক শক্তিশালীভাৱে আকৰ্ষণ কৰে। আৰু আন এটা কাৰণ হ'ল শিশুসকলে প্ৰাপ্তবয়স্কসকলৰ দৰে মহক দ্ৰুতগতিত লক্ষ্য কৰিব নোৱাৰে বা মহক কাৰ্যকৰীভাৱে দূৰ কৰিব নোৱাৰে। ফলস্বৰূপে, মহবোৰে দীৰ্ঘ সময়ৰ বাবে  শিশুসকলৰ শৰীৰত কামুৰি থাকে, যিয়ে ডেংগু সংক্ৰমণৰ আশংকাও বৃদ্ধি কৰে।
 
চিকিৎসকসকলে সতৰ্ক কৰি দিয়ে যে, এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতহে এই ৰোগৰ উদ্বেগ আৰম্ভ হয়, কাৰণ প্ৰাপ্তবয়স্ক লোকতকৈ শিশুৰ দেহত কেতিয়াবা ডেংগু জ্বৰ বেছিকৈ হ'ব পাৰে। কিয়নো প্ৰাপ্তবয়স্কসকলৰ তুলনাত শিশুৰ সঞ্চালিত ৰক্তৰ পৰিমাণ কম। এই কাৰণতে ডেংগুৰ ফলত সামান্য পৰিমাণৰ প্লাজমা লিক হোৱাৰ ফলত দ্ৰুতগতিত গুৰুতৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ কুমাৰে ব্যাখ্যা কৰে যে,  শিশুসকল শৰীৰৰ পৰা সামান্য মাত্ৰাত তৰল পদাৰ্থ ক্ষৰণ হ’লেও শিশুসকলৰ শৰীৰত দ্ৰুতগতিত অস্থিৰতা সৃষ্টি হয়। গুৰুতৰ ডেংগুৱে শিশুৰ প্লাজমা  ক্ষৰণ, ৰক্তস্ৰাৱজনিত সমস্যা, অংগ-প্ৰত্যঙ্গৰ ক্ষতি আৰু ৰক্তচাপৰ আকস্মিক হ্ৰাসৰ কাৰণ হ'ব পাৰে। যিহেতু শিশুৰ শৰীৰৰ সংৰক্ষণৰ পৰিমাণ কম, তেওঁলোকৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিব পাৰে যদিও ৰোগৰ তীব্ৰতা প্ৰাপ্তবয়স্কসকলৰ দৰে হয়।
 
চিকিৎসকসকলে কয় যে, আন এক ডাঙৰ সমস্যা হৈছে যে, শিশুৰ ক্ষেত্ৰত সতৰ্কবাণী দিয়া লক্ষণবোৰক প্ৰায়ে উপেক্ষা কৰা হয়। সৰু ল'ৰা-ছোৱালীয়ে পেটৰ বিষ, দুৰ্বলতা, তীব্ৰ মূৰৰ বিষ, ক্লান্তি বা বমি ভাবৰ দৰে লক্ষণবোৰ স্পষ্টকৈ বুজাব নোৱাৰে। ডেংগুৰ প্ৰাৰম্ভিক লক্ষণবোৰ সাধাৰণ ভাইৰেল জ্বৰ বা সাধাৰণ ক্লান্তি বুলি অভিভাৱকসকলে ভুলকৈ ধাৰণা কৰিব পাৰে। ডাঃ কুমাৰে সতৰ্ক কৰি দিয়ে যে, এই প্ৰাৰম্ভিক লক্ষণবোৰক প্ৰায়ে অৱমূল্যায়ন কৰা হয়, যাৰ ফলত চিকিৎসাত বিলম্ব হ'ব পাৰে।
 
শিশুৰ জ্বৰ হ'লে, যদি শিশুৱে বমি কৰে, পেটৰ বেমাৰ হয়, অধিক টোপনি আহে,  দাঁতৰ ঘুৰি বা নাকৰ পৰা তেজ ওলায়, ছালত ৰক্তক্ষৰণ হয়, উশাহ লোৱাত অসুবিধা হয়, প্ৰস্ৰাৱ কম হয়, হঠাতে দুৰ্বল হয় বা অস্বাভাৱিকভাৱে খং উঠে, তেন্তে চিকিৎসকৰ সহায় ল'বলৈ চিকিৎসকসকলে অভিভাৱকসকলক পৰামৰ্শ দিয়ে। এই লক্ষণসমূহ ডেংগুৰ গুৰুতৰ লক্ষণ হ'ব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যিহেতু ডেংগুৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, সেয়ে চিকিৎসকসকলে কয় যে, ইয়াৰ প্ৰতিৰোধেই হৈছে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। পিতৃ-মাতৃক মহ প্ৰতিৰোধক ব্যৱহাৰ কৰিবলৈ, শিশুসকলক সম্পূৰ্ণ আস্ত্ৰযুক্ত কাপোৰ পিন্ধিবলৈ, ঘৰৰ ওচৰত থকা পানী পৰিস্কাৰ কৰি ৰাখিবলৈ, মহ নেট বা উইণ্ডো স্ক্ৰীন স্থাপন কৰিবলৈ, মহ সুৰক্ষিত ঘৰুৱা স্প্ৰে ব্যৱহাৰ কৰিবলৈ, আৰু মহ সক্ৰিয়তাৰ ঘন্টাত বাহিৰত সংস্পৰ্শ হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়া হয়। আৰু জ্বৰত আক্ৰান্ত শিশুক ভালদৰে হাইড্ৰেট কৰি ৰাখিব লাগে।
 
বিশেষজ্ঞসকলে গুৰুত্ব আৰোপ কৰে যে, প্ৰাৰম্ভিক চিকিৎসা আৰু সঠিক নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ। ডাঃ কুমাৰে কয় যে, প্ৰাপ্তবয়স্কসকলৰ তুলনাত শিশুসকল ডেংগুত সহজতে আক্ৰান্ত নহয়, যদিহে এওঁলোক মহৰ কামোৰৰ অধিক সংস্পৰ্শলৈ আহে আৰু এবাৰ আক্ৰান্ত হোৱাৰ পিছত বেছিকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিব পাৰে।
 
চিকিৎসকসকলে কয় যে, তেজৰ পৰীক্ষা, শৰীৰৰ তৰলৰ মাত্ৰা নিৰীক্ষণ কৰা, আৰু ৰোগৰ প্ৰথম কেইদিনমানৰ সময়ছোৱাত মনোযোগেৰে পৰ্যবেক্ষণ কৰাটো গুৰুতৰ জটিলতা প্ৰতিৰোধ কৰাৰ বাবে অতি প্ৰয়োজনীয়।  লক্ষণসমূহ আগতীয়াকৈ চিনি পোৱা, মহৰ সংস্পৰ্শলৈ অহাত বাধা দিয়া, আৰু তৎকালীন চিকিৎসাৰ ব্যৱস্থা লোৱাটোৱে গুৰুতৰ জটিলতাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।
 
(আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে)