পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট শিক্ষাবিদ প্ৰফেচৰ নাজমা আখতাৰৰ প্ৰেৰণাদায়ক জীৱনগাঁথা

Story by  atv | Posted by  [email protected] • 1 h ago
জামিয়া মিলিয়া ইছলামিয়াৰ উপাধ্যক্ষ হৈ থকা মুহূৰ্তত অধ্যাপিকা নাজমা আখতাৰ
জামিয়া মিলিয়া ইছলামিয়াৰ উপাধ্যক্ষ হৈ থকা মুহূৰ্তত অধ্যাপিকা নাজমা আখতাৰ
 
শ্বাহ তাজ খান
 
সাম্প্ৰতিক সময়ৰ নাৰী সৱলীকৰণৰ এক অন্যতম প্ৰতীক, বিশিষ্ট শিক্ষাবিদ তথা দক্ষ প্ৰশাসক হৈছে প্ৰফেচৰ নাজমা আখতাৰ। দিল্লীৰ ঐতিহাসিক 'জামিয়া মিলিয়া ইছলামিয়া' বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হোৱাৰ গৌৰৱ অৰ্জন কৰা প্ৰফেচৰ আখতাৰে কেৱল ইতিহাসেই ৰচনা কৰা নাছিল, বৰং নিজৰ একাগ্ৰতা আৰু দূৰদৰ্শিতাৰে শিক্ষাক্ষেত্ৰখনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল। ২০১৯ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৩ চনৰ ১২ নৱেম্বৰলৈকে নিজৰ কাৰ্যকালত তেখেতে জামিয়া মিলিয়া ইছলামিয়াক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন আৰু উন্নত পৰিচিতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯২০ চনত স্থাপিত জামিয়া মিলিয়া ইছলামিয়াই তেওঁক বিশ্ববিদ্যালয়খনৰ ১৬ সংখ্যক উপাচাৰ্য হিচাপে নিযুক্তি দিছিল। দিল্লীৰ যিকোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হৈ তেওঁ এক নতুন ইতিহাস সৃষ্টি কৰিছিল। শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ এই অনবদ্য সেৱাৰ স্বীকৃতিস্বৰূপেই ভাৰত চৰকাৰে ২০২২ চনত তেওঁক সন্মানীয় 'পদ্মশ্ৰী' বঁটাৰে বিভূষিত কৰে।
 
শৈক্ষিক অৱদান
 
প্ৰফেচৰ নাজমা আখতাৰৰ বেছিভাগ গৱেষণামূলক কাম আৰু প্ৰকাশন ইংৰাজী ভাষাত যদিও তেওঁ ধাৰাবাহিকভাৱে উৰ্দু ভাষাকো সমৰ্থন আৰু প্ৰচাৰ কৰি আহিছে। তেওঁৰ শৈক্ষিক অৱদানৰ এক বৃহৎ অংশই মূলতঃ শৈক্ষিক নীতি-নিৰ্ধাৰণ আৰু প্ৰশাসনৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। তেওঁৰ 'Revolutionizing Education: Navigating the NEP 2020 Era' নামৰ গ্ৰন্থখনত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ ৰূপায়ণ আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ওপৰত এক পাণ্ডিত্যপূৰ্ণ পৰ্যালোচনা আগবঢ়োৱা হৈছে। আন এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে 'Mann ki Baat: A Medium of Communication', যিখন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠানটোৰ সামাজিক আৰু শৈক্ষিক প্ৰভাৱক লিপিৱদ্ধ কৰা এখন সুন্দৰ 'কফি টেবুল বুক'। 'Higher Education in India: Issues and Challenges' গ্ৰন্থত তেওঁ গুণগত মান আৰু প্ৰশাসনিক সংস্কাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উচ্চ শিক্ষাব্যৱস্থাই সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে।
 
জামিয়া মিলিয়া ইছলামিয়াৰ উপাধ্যক্ষ হৈ থকা মুহূৰ্তত অধ্যাপিকা নাজমা আখতাৰ
 
গ্ৰন্থসমূহৰ উপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত তেওঁৰ ১০০ খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে। তেওঁ নিয়মীয়াকৈ শৈক্ষিক প্ৰশাসন আৰু লিংগ সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰি আহিছে। তদুপৰি, ৰাষ্ট্ৰীয় উৰ্দু ভাষা প্ৰচাৰ পৰিষদ (NCPUL)ৰ বাবে আৰবী ভাষা শিকাৰ মডিউল প্ৰস্তুত কৰাতো তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
উপাচাৰ্য হিচাপে ভূমিকা আৰু দায়িত্ব
 
জামিয়া মিলিয়া ইছলামিয়াক নেতৃত্ব প্ৰদান কৰাৰ সময়ত প্ৰফেচৰ নাজমা আখতাৰে বিশ্ববিদ্যালয়খনক কেৱল দেশৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত তৃতীয় স্থানলৈ উন্নীত কৰাই নহয়, বৰং NIRF আৰু NAAC-ৰ পৰা সৰ্বোচ্চ A++ গ্ৰেডো লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ কাৰ্যকালতেই জামিয়াত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দীৰ্ঘদিনীয়া সপোনটোৱে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিক অনুমোদন লাভ কৰে। বিশ্ববিদ্যালয়খনৰ এশ বছৰীয়া ইতিহাসত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যি এক সপোন আছিল, তাক বাস্তৱত পৰিণত কৰাত তেওঁ মুখ্য ভূমিকা লৈছিল।
 
অধ্যাপিকা নাজমা আখতাৰক পদ্মশ্ৰী সন্মান প্ৰদান কৰা মুহূৰ্তত
 
উপাচাৰ্য হিচাপে তেওঁ ৩০টাতকৈও অধিক নতুন আৰু আধুনিক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰে। তেওঁৰ বলিষ্ঠ নেতৃত্বত বিশ্ববিদ্যালয়খনে চিকিৎসা আৰু কাৰিকৰী ক্ষেত্ৰ, ডিজাইন আৰু উদ্ভাৱন, হস্পিটেলিটি মেনেজমেণ্ট, ডিজিটেল লাৰ্ণিং আৰু ইণ্টাৰনেট অৱ থিংছ (IoT) আদিৰ দৰে ভৱিষ্যতমুখী কাৰ্যসূচী মুকলি কৰে।
 
চাৰি দশকৰ এক বৰ্ণিল যাত্ৰা
 
প্ৰফেচৰ নাজমা আখতাৰৰ শৈক্ষিক জীৱন প্ৰায় চাৰি দশক জুৰি বিস্তৃত। তেওঁৰ জীৱনত বৌদ্ধিক অনুসন্ধিৎসা আৰু এক সুদৃঢ় নেতৃত্বৰ গুণ প্ৰতিফলিত হয়। ১৯৫৩ চনৰ ১৩ নৱেম্বৰত তেওঁৰ জন্ম হৈছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা নিজৰ শিক্ষা সমাপ্ত কৰিছিল আৰু তাতেই তেওঁক সোণৰ পদক প্ৰদান কৰা হয়। তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা "A Comparative Study of Conventional and Distance Education Systems in Higher Education’’ বিষয়ত পি.এইচ.ডি. ডিগ্ৰী অৰ্জন কৰে। তেওঁৰ গৱেষণাৰ মূল উদ্দেশ্য আছিল পৰম্পৰাগত বিশ্ববিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়সমূহৰ মাজত থকা শৈক্ষিক মানদণ্ড, প্ৰশাসন আৰু ফলাফলৰ পাৰ্থক্যসমূহ দাঙি ধৰা।
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এক বঁটা গ্ৰহণ কৰি থকা মুহূৰ্তত অধ্যাপিকা নাজমা আখতাৰ
 
তেওঁ UK-ৰ ৱাৰৱিক বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ সুযোগ লাভ কৰে। তদুপৰি, ফুলব্ৰাইট ফেল'শ্বিপৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰতো তেওঁ শৈক্ষিক পৰিকল্পনাৰ ওপৰত কাম কৰে। লগতে ফ্ৰান্সৰ 'ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ এডুকেচনেল প্লেনিং' (IIEP) ৰ পৰাও তেওঁ শৈক্ষিক পৰিকল্পনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভণি
 
প্ৰফেচৰ নাজমা আখতাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই নিজৰ পেছাদাৰী জীৱনৰ পাতনি মেলিছিল, য'ত তেওঁ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে নামভৰ্তি বিভাগৰ মুৰব্বী হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁ নতুন দিল্লীস্থিত 'নেচনেল ইনষ্টিটিউট অফ এডুকেচনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেচন' (NIEPA) ত পোন্ধৰ বছৰতকৈও অধিক সময় ধৰি প্ৰফেচৰ আৰু প্ৰশিক্ষণ বিভাগৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল। ইয়াৰ উপৰি তেওঁ আছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজস্থিত 'ষ্টেট ইনষ্টিটিউট অৱ এডুকেশ্যনেল মেনেজমেণ্ট এণ্ড ট্ৰেইনিং' (SIEMAT) ৰ প্ৰতিষ্ঠাপক সঞ্চালক।
 
ভাৰতৰ অধিকাংশ প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্তৰ্ভুক্ত প্ৰফেচৰ নাজমা আখতাৰ
 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, তেওঁ UNESCO, UNICEF আৰু DANIDA ৰ দৰে বিশ্বস্তৰীয় সংস্থাৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপেও কাম কৰিছে।
 
সন্মান আৰু স্বীকৃতিৰ ধাৰাবাহিকতা
 
বিশেষকৈ জামিয়া মিলিয়া ইছলামিয়াৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰফেচৰ নাজমা আখতাৰক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা 'পদ্মশ্ৰী'ৰে সন্মানিত কৰা হয়। কাৰ্যকালত থাকোতেই এই সন্মান লাভ কৰা তেওঁ জামিয়াৰ প্ৰথমগৰাকী উপাচাৰ্য। ২০২২ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক এই সন্মানেৰে বিভূষিত কৰে।

শিক্ষাৰ সৈতে কৰ্মসংস্থাপনক সংযুক্ত কৰাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে ২০২৩ চনত 'টীমলীজ এডটেক' (TeamLease EdTech) ৰ তৰফৰ পৰা তেখেতক 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হয়। একেটা বছৰতে, শিক্ষাক্ষেত্ৰত তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে Zee Media Group-এ তেওঁক 'নেচনেল এচিভাৰ্ছ এৱাৰ্ড' প্ৰদান কৰে। তদুপৰি, ২০২৩ চনত তেওঁক NCC-ৰ সন্মানীয় 'কৰ্নেল কমাণ্ডেণ্ট' হিচাপেও নিযুক্তি দিয়া হয়।
 
ইয়াৰ পূৰ্বে, শিক্ষাদান আৰু গৱেষণাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ২০১৩ চনত তেওঁ UGC Excellence Award লাভ কৰে। এগৰাকী শ্ৰেষ্ঠ শিক্ষক হিচাপে ২০১০ চনত তেওঁক 'মৌলানা আবুল কালাম আজাদ বঁটা'ৰেও সন্মানিত কৰা হয়।
 
প্ৰফেচৰ নাজমা আখতাৰৰ এই ঈৰ্ষণীয় সফলতা কোনো আকস্মিক ঘটনা নহয়, বৰং এয়া তেওঁৰ নিৰন্তৰ প্ৰচেষ্টা আৰু অটল দৃঢ়তাৰেই ফলশ্ৰুতি। ছাত্ৰাৱস্থাত সোণৰ পদক অৰ্জন কৰাৰ পৰা আৰম্ভ কৰি পদ্মশ্ৰী বঁটা লাভ কৰালৈকে, তেওঁৰ এই জীৱন যাত্ৰা হৈছে দায়বদ্ধতা, নেতৃত্ব আৰু শৈক্ষিক সংস্কাৰৰ এক উৎকৃষ্ট উদাহৰণ, যি অনাগত প্ৰজন্মৰ বাবে এক চিৰযুগমীয়া প্ৰেৰণাৰ উৎস হৈ ৰ'ব।