অসমৰ টেক্সি চালকক মেঘালয়ৰত প্ৰৱেশত বাধা; যোৰাবাটত উত্তাল প্ৰতিবাদ

Story by  atv | Posted by  [email protected] • 3 h ago
অসমৰ টেক্সি চালকক মেঘালয়ৰত প্ৰৱেশত বাধা; যোৰাবাটত উত্তাল প্ৰতিবাদ
অসমৰ টেক্সি চালকক মেঘালয়ৰত প্ৰৱেশত বাধা; যোৰাবাটত উত্তাল প্ৰতিবাদ
 
গুৱাহাটী
 
আজি যোৰাবাটত অসমৰ টেক্সিচালকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মেঘালয়ত প্ৰৱেশত পুনৰ বাধা প্ৰদান কৰিছে অসমৰ টেক্সিচালকক। মেঘালয় পৰ্যটন ক্ষেত্ৰ দৰ্শনত অসমৰ টেক্সিচালকক বাধা প্ৰদানক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
 
১৬ ছেপ্টেম্বৰত মেঘালয়ৰ টেক্সিচালক সন্থাই অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত বাধা দিছিল। অসমৰ একাংশ টেক্সিচালকক দুৰ্ব্যৱহাৰ কৰি ওভতাই পঠিয়াইছিল শ্বিলঙৰ পৰা।
 
ইয়াৰ প্ৰতিবাদত অসমৰ টেক্সিচালক সন্থাই আজি পুৱাৰে পৰা মেঘালয়ৰ টেক্সি অসমত প্ৰৱেশত আৰোপ কৰে বাধা। যোৰাবাটৰ পৰাই ঘূৰাই পঠালে মেঘালয়ৰ টেক্সি।
 
মেঘালয়ৰ মন্ত্ৰী, কনভয়ৰ বাহন প্ৰৱেশতো বাধা প্ৰদান কৰে অসমৰ টেক্সি চালকে। ঘটনাস্থলীত অসম আৰু মেঘালয়ৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰাৰ চেষ্টা কৰে।
 
উল্লেখযোগ্য যে, পুৱাৰে পৰা উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে যোৰাবাটত। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।