বিহাৰত বন্দিত্বৰ জীৱন কটোৱা অসমৰ ৪৭ শ্ৰমিকক উদ্ধাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
 বিহাৰত বন্দিত্বৰ জীৱন কটোৱা অসমৰ ৪৭ শ্ৰমিকক উদ্ধাৰ
বিহাৰত বন্দিত্বৰ জীৱন কটোৱা অসমৰ ৪৭ শ্ৰমিকক উদ্ধাৰ
 
গুৱাহাটী
 
বহিঃৰাজ্যত অসমৰ শ্ৰমিকক নিৰ্যাতনৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে। এইবাৰ পুনৰ বিহাৰত অসমৰ শ্ৰমিকৰ সৈতে একেই ঘটনা সংঘটিত হ'ল।  কেইবামাহ ধৰি একাংশ শ্ৰমিকক বন্দী কৰি ৰখা হৈছিল।
 
কেৱল বন্দী কৰি ৰখাই নহয়, এটা ইটাভাতাৰ মালিকে তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল। মহিলা শ্ৰমিকক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে। অৱশ্যে ৭ মাহৰ অন্তত তেওঁলোক সেই ভয়াৱহ বন্দিত্বৰ পৰা মুক্ত হয়। বিহাৰ আৰক্ষী তথা প্ৰশাসনে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছত দুখন বাছেৰে শ্ৰমিকসকলক সোমবাৰে অসমলৈ লৈ অনা হয়। মানৱ শোষণৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
 
গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শিশু, মহিলাসহ প্ৰায় ৬০ গৰাকী লোকক বিহাৰ প্ৰশাসনে অসমলৈ লৈ আহিছে যদিও এতিয়াও ৭ গৰাকী কিশোৰী বিহাৰ প্ৰশাসনৰ জিম্মাত আছে। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ অভিযোগ অনুসৰি সেই কিশোৰীসকল এটা ইটাভাতাৰ মালিক তথা কৰ্মচাৰীৰ দ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল।
 
জানিব পৰা মতে ধুবুৰী জিলাৰ বাসিন্দা এই শ্ৰমিকসকলে প্ৰায় ৭ মাহ পূৰ্বে জীৱিকাৰ সন্ধানত বিহাৰলৈ গৈছিল। তাত গৈ তেওঁলোকে বিহাৰৰ সহৰ্ছা জিলাৰ কহাৰা থানাৰ ধামচাইনীত অৱস্থিত 'ষ্টাৰ মাৰ্কা ইটাভাতা'ত আবদ্ধ হৈ পৰে। ভুক্তভোগী শ্ৰমিকসকলৰ মতে এটা দিনো তাত জীৱন কটোৱা তীব্ৰ সংগ্ৰামৰ আছিল।