প্রধানমন্ত্রীৰ গুৱাহাটী ভ্ৰমণৰ বাবে আজি মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ গুৱাহাটী ভ্ৰমণৰ প্রতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে  আজি যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। 
 
নিষেধাজ্ঞা অনুসৰি আজি বিয়লি ৩ বজাৰপৰা নিশা ১০ বজাপর্যন্ত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী মহানগৰীত বাণিজ্যিক বাহন প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে। 
 
তদুপৰি ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এম চি আৰু জি এছ ৰোডতো এই সময়খিনিত বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব। 
 
ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু জি এছ ৰোডত মন্থৰ গতিৰ বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
 
বিমানবন্দৰৰ দিশৰপৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খানাপাৰালৈ অহা আৰু ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু জি এছ ৰোডত চলাচল কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ সকলো বাছ আৰু বেচৰকাৰী চিটী বাছসমূহ নিয়ন্ত্ৰণ কৰিব যান-বাহন আৰক্ষীয়ে। 
 
এ বি চিৰ পৰা জনতা ভৱনলৈ পথছোৱাত বিয়লি ৪ বজাৰপৰা এটা দিশতহে গাড়ী চলাচল কৰিব পাৰিব আৰু সন্ধিয়া ৬ বজাৰপৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব। 
 
এই নিষেধাজ্ঞা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত প্রযোজ্য নহ'ব। প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জি এছ ৰোড ইতিমধ্যে সজাই-পৰাই তোলা হৈছে আৰু পথৰ দুয়োকাষে ঠায়ে ঠায়ে বেৰ দিয়া হৈছে।