গুৱাহাটী
আজি ভাৰত বন্ধ। সমগ্ৰ দেশতে ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। ট্ৰেড ইউনিয়নসমূহে আজি অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত "ভাৰত বন্ধ"ৰ আহ্বান জনাইছে। পুৱাৰে পৰা কিছু ঠাইত ভাৰত বন্ধৰ প্ৰভাৱ দেখা গৈছে। সৰ্বাধিক প্ৰভাৱ পৰিছে কলকাতা আৰু ওড়িশাত।
ভাৰত বন্ধৰ বাবে ৰাজহুৱা পৰিবহণ, বেংকিং কাৰ্য্যকলাপ, আৰু শিক্ষানুষ্ঠানসমূহ কিছু পৰিমাণে প্ৰভাৱিত হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত ১০ টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। খবৰ অনুসৰি এই ধৰ্মঘটত প্ৰায় ৩০ কোটি শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণকে ধৰি কেইবাটাও খণ্ডৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰিব।
ট্ৰেড ইউনিয়নে ২০২৫ চনত কাৰ্যকৰী হোৱা চাৰিখন নতুন শ্ৰম আইনৰ প্ৰতিবাদত ভাৰত বন্ধৰ আহ্বান জনাইছে।এই নতুন আইনসমূহে শ্ৰমিকৰ অধিকাৰ দুৰ্বল কৰি কোম্পানীসমূহক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ স্বাধীনতা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে।
আজি ১২ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে ভাৰত বন্ধৰ সময়ত ৰাজহুৱা পৰিবহণ, বেংকিং সেৱা, আৰু শিক্ষানুষ্ঠানসমূহ ক্ষতিগ্ৰস্ত হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত ১০ টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই এই ধৰ্মঘটৰ আহ্বান জনাইছে। সংযুক্ত কিষাণ মৰ্চাইও সমৰ্থন জনাইছে এই বন্ধলৈ।
উল্লেখযোগ্য যে, ভাৰত বন্ধৰ আহ্বান জনাইছে INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, আৰু UTUC আদি ডাঙৰ ইউনিয়নকে ধৰি ১০টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই। কৃষক সংগঠন সংযুক্ত কিষাণ মৰ্চা (এছ কে এম)য়েও এই ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে। কেইবাটাও কৃষক সংগঠন আৰু ইয়াৰ লগত জড়িত শ্ৰমিক সংগঠনেও সাধাৰণ ধৰ্মঘটত সমৰ্থন আগবঢ়াইছে।