ব্ৰাহ্মোছ মিছাইল প্ৰণালীৰ সৈতে জড়িত অভিযন্তাৰ আকস্মিক বিয়োগ

Story by  atv | Posted by  [email protected] • 1 Months ago
ব্ৰাহ্মোছ মিছাইল প্ৰণালীৰ সৈতে জড়িত অভিযন্তাৰ আকস্মিক বিয়োগ
ব্ৰাহ্মোছ মিছাইল প্ৰণালীৰ সৈতে জড়িত অভিযন্তাৰ আকস্মিক বিয়োগ
 
লক্ষ্ণৌ

লক্ষ্ণৌৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ব্ৰাহ্মোছ মিছাইল প্ৰণালীৰ সৈতে জড়িত এজন ৩০ বছৰীয়া অভিযন্তাৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু হয়। আৰক্ষীৰ প্ৰাৰম্ভিক সূত্ৰ অনুসৰি, অভিযন্তাজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে।
 
আকাশদীপ গুপ্তা নামৰ অভিযন্তাজন পত্নী ভাৰতীৰ সৈতে লক্ষ্ণৌৰ আলামবাগ অঞ্চলত বাস কৰিছিল। তেওঁৰ পত্নী এগৰাকী বেংক কৰ্মী। দম্পতীহালে এই বছৰৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। মঙলবাৰে পুৱা গুপ্তাৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁৰ পৰিয়ালে ততাতৈয়াকৈ তেওঁক লোকবন্ধু হস্পিটেললৈ লৈ যায়। চিকিৎসকে আপ্ৰাণ চেষ্টাৰ পিছতো তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত হাস্পতাল কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে।
 
"প্ৰথম দৃষ্টিত মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি বিবেচনা কৰা হয়, কিন্তু মৰণোত্তৰ প্ৰতিবেদন পোৱাৰ পিছতহে প্ৰকৃত কাৰণ স্পষ্ট হ'ব", এজন আৰক্ষী বিষয়াই কয়।