ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন

Story by  atv | Posted by  [email protected] • 5 h ago
ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন
ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন
 
গুৱাহাটী
 
বড়োভূমিৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰা সময়তে মঙলবাৰে ঘোষিত হ’ল বি টি চিৰ নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়সূচী৷ সেই অনুসৰি অহা ২২ ছেপ্টেম্বৰত হ’ব বি টি আৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২৬ ছেপ্টেম্বৰত বি টি আৰ নিৰ্বাচনৰ ভোটগণনা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন ২ ছেপ্টেম্বৰ।
 
অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে এক জাননী যোগে ঘোষণা কৰিছে বি টি চিৰ ৪০ টা সমষ্টিৰ ২০২৫ ৰ পৰিষদীয় নিৰ্বাচনৰ সময়সূচী৷
 
অসম ৰাজ্য নিৰ্বাচন আয়োগে ২০২৫ চনৰ বি টি চি নিৰ্বাচনৰ বাবে ঘোষণা কৰা সময়সূচী এনে ধৰণৰ :
 
 
সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটো এনেধৰণৰ-

নিৰ্বাচনৰ জাননী জাৰি : ২৬ আগষ্ট ২০২৫ (মঙলবাৰ)

মনোনয়ন দাখিলৰ অন্তিম দিন : ২ ছেপ্টেম্বৰ ২০২৫ (মঙলবাৰ)

মনোনয়নৰ পৰীক্ষা : ৪ ছেপ্টেম্বৰ ২০২৫ (বৃহস্পতিবাৰ)

বৈধ মনোনয়নৰ তালিকা প্ৰকাশ : ৪ ছেপ্টেম্বৰ ২০২৫ (বৃহস্পতিবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ : ৬ ছেপ্টেম্বৰ ২০২৫ (শনিবাৰ)

প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ : ৬ ছেপ্টেম্বৰ ২০২৫ (শনিবাৰ)

ভোটগ্ৰহণৰ তাৰিখ : ২২ ছেপ্টেম্বৰ ২০২৫ (সোমবাৰ)

পুনৰ ভোটগ্ৰহণৰ তাৰিখ (যদি প্ৰয়োজন হয়) : ২৪ ছেপ্টেম্বৰ ২০২৫ (বুধবাৰ)

ভোট গণনাৰ তাৰিখ : ২৬ ছেপ্টেম্বৰ ২০২৫ (শুকুৰবাৰ)
 
উল্লেখযোগ্য যে, ৪০ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। এইবাৰ বিটিচি নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী।