আজি ৪০ টা সমষ্টিত অনুষ্ঠিত হয় বি টি চিৰ পৰিষদীয় নিৰ্বাচন

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
আজি আৰম্ভ হয় বি টি চিৰ পৰিষদীয় নিৰ্বাচন। বি টি আৰৰ মুঠ ৪০ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ। পুৱা ৭.৩০ বজাৰ লগে লগে ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৩,৩৫৯ টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
 
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰ নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। তাৰ ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ইতিমধ্যে প্ৰতিটো ভোটকেন্দ্ৰতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ আৰম্ভ হৈছে। 
 
পুৱাৰে পৰা পচন্দৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ শাৰী পাতিছে বি টি আৰৰ ৰাইজে। ইফালে শান্তিপূৰ্ণ পৰিস্থিতি যাতে অব্যাহত থাকে তাৰ বাবে প্ৰশাসনেও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিটো ভোটকেন্দ্ৰতে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা বাহিনী মোতায়েন কৰিছে। প্ৰিজাইডিং আৰু পোলিং বিষয়াকে ধৰি সকলো কৰ্মচাৰী দেওবাৰেই নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হৈছে। 
 
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ২৩ হাজাৰ ৩৯৯ গৰাকী, মহিলা ভোটাৰ হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী। 
 
বি টি আৰ নিৰ্বাচনত মূল যুঁজখন ইউ পি পি এল, বি পি এফ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজতে হ'ব বুলি আশা কৰা হৈছে। বি টি আৰত ইউ পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ আছে, যদিও এইবাৰ নিৰ্বাচনত প্ৰত্যকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি আৰু ইউ পি পি এল দল মুঠ ৩০ টা সমষ্টিত মুখামুখি হৈছে। অহা ২৬ ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব।
 
২০২০ চনৰ বি টি আৰ নিৰ্বাচনত ৪০ টা পৰিষদীয় সমষ্টিত বি পি এফ দলে ১৭ খন, ইউ পি পি এল দলে ১২ খন, বিজেপিয়ে ৯ খন, কংগ্ৰেছে ১ খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে ১ খন আসন লাভ কৰিছিল৷