পঞ্চভূতত বিলীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

Story by  atv | Posted by  [email protected] • 4 h ago
পঞ্চভূতত বিলীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা
পঞ্চভূতত বিলীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা
 
গুৱাহাটী
 
২০২৫ বৰ্ষটোৱে কাঢ়িলে অসমৰ কেইবাটিও উজ্জ্বল নক্ষত্ৰ। অভিশপ্ত বৰ্ষটোৱে ৰাজীৱ শদিয়া, গায়ত্ৰী হাজৰিকা, অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গ, চৈয়দ ছাদুল্লাৰ পাছত পুনৰ এবাৰ অসমী আইৰ বুকুৰ উদং কৰি কাঢ়িলৈ গ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক। সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী।
 
মঙলবাৰে পুৱাই চেন্নাইৰ পৰা অসমলৈ অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ। বৰঝাৰৰ পৰা পোনে পোনে শিল্পীগৰাকীৰ নশ্বৰ দেহ লৈ অহা হয় গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত বাসগৃহলৈ। তাত ধৰ্মীয় নীতি-নিয়ম অনুসৰি শেষ শ্ৰদ্ধা নিবেদন কৰে পৰিয়ালৰ লোকে।
 
তাৰ পাছতে বাঁহীৰ সুৰৰ মুৰ্চনাৰে শেষ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ছাত্ৰসকলে। বাঁহী বজাই সমদল কৰি নিজা বাসগৃহৰ পৰা অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ। তাতেই গুণমুগ্ধ তথা দল-সংগঠনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীক।
 
ইয়াৰ পিছতে নৱগ্ৰহ শ্মশানলৈ নিয়া হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ নশ্বৰ দেহ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দীপক শৰ্মাৰ। বিভিন্নজনে বিশিষ্ট শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সুঁৱৰিলে তেওঁৰ সৈতে থকা বহু স্মৃতি।