এবছৰত ভাৰতত দুশৰো অধিক বাঘৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 5 h ago
এবছৰত ভাৰতত দুশৰো অধিক বাঘৰ মৃত্যু
এবছৰত ভাৰতত দুশৰো অধিক বাঘৰ মৃত্যু
 
নতুন দিল্লী
 
বিগত ২০২৪ বর্ষত দেশত ১২৫ টা বাঘৰ মৃত্যু হৈছে। এই বছৰৰ আগষ্ট মাহপর্যন্ত মৃত্যু হৈছে ১১৭ টা বাঘৰ। অর্থাৎ ২০২৪ চনৰ পৰা এইপর্যন্ত এবছৰত মৃত বাঘৰ সংখ্যা হৈছেগৈ ২৪২। 'নেচনেল টাইগাৰ কনজাৰভেচন অর্থবিটি' (এন টি চি এ)ৰ তথ্যত এই কথা প্রকাশ পাইছে।
 
কেইবাটাও বছৰলৈ যদি আমি ঘুৰি চাওঁ তেন্তে ২০১৯ চনত দেশৰ ৯৬ টা বাঘৰ মৃত্যু হৈছিল। ইয়াৰ পৰৱৰ্তী ২০২০ চনত মৃত বাঘৰ সংখ্যা হয়গৈ ১০৬ টা। ২০২১ চনত এই সংখ্যা বৃদ্ধি পালে ১২৭ টালৈ। সেই বছৰত দেশজুৰি ১২১ টা বাঘৰ মৃত্যু হৈছিল।
 
কিন্তু ২০২৩ চনত মৃত বাঘৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ১৭৮। ২০২৪ চনত মৃত্যু হৈছিল ১২৫ টা বাঘৰ। ইপিনে সর্বাধিক বাঘৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ শীর্ষস্থানত আছে মধ্যপ্রদেশ। ৰাজ্যখনত ২০২৪ চনত মৃত্যু হৈছিল ৪৬ টা বাঘৰ।
 
ইয়াৰ পিচতে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্র। ২০২৪ চনত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ২৩ টা বাঘৰ। আনহাতে কর্ণাটকত মৃত্যু হৈছিল ১১ টা বাঘৰ। চোৰাং চিকাৰীৰ আক্ৰমণ বাঘৰ মৃত্যুৰ অন্যতম কাৰণ বুলি কোৱা হৈছে।