কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বি টি চি নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

Story by  atv | Posted by  [email protected] • 2 h ago
বিটিচি নিৰ্বাচনত ভোটদানৰ সময়ত একাংশ যুৱক-যুৱতী
বিটিচি নিৰ্বাচনত ভোটদানৰ সময়ত একাংশ যুৱক-যুৱতী
 
গুৱাহাটী

২৬ ছেপ্টেম্বৰৰ পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি চি নিৰ্বাচনৰ ভোটগণনা। বি টি চিত ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাত্ৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিছে প্ৰশাসনে।
 
যোৱা ২২ ছেপ্টম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত সম্পন্ন হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰ নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।
বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী। পুৰুষ ভোটাৰৰ সংখ্যা ১৩ লাখ ২৩ হাজাৰ ৩৯৯ জন, মহিলা ভোটাৰৰ সংখ্যা হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী।
 
উল্লেখ্য যে, ২০২০ চনৰ বি টি আৰ নিৰ্বাচনত ৪০ টা পৰিষদীয় সমষ্টিত বি পি এফ দলে ১৭ খন, ইউ পি পি এল দলে ১২ খন, বিজেপিয়ে ৯ খন, কংগ্ৰেছে ১ খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে ১ খন আসন লাভ কৰিছিল৷ এইবাৰ বিটিচি নিৰ্বাচনত মুঠ ভোটকেন্দ্ৰ আছিল ৩,২৭৯ টা ।