সমগ্ৰ দেশতে হ’ব জাতি গণনা: কেবিনেট বৈঠকৰ সিদ্ধান্ত

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এখন সংবাদ মেলত কেবিনেট বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা উল্লেখ কৰিছে। তেওঁ  সংবাদ মেল সম্বোধন কৰি কয় যে, মোদী চৰকাৰে সমগ্ৰ দেশতে জাতি গণনা কৰিব। ইয়াৰ লগতে কৃষকসকলৰ হিতৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।
 
কেবিনেট বৈঠকৰ পিছত অশ্বিনী বৈষ্ণৱে কয় যে, মোদী চৰকাৰে সমগ্ৰ দেশতে এতিয়া জাতি গণনা কৰিব। জনগণনাৰ লগতে জাতিৰো গণনা কৰা হ’ব। 
 
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ছুপাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, য’ত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ কেইবাজনো মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।
 
সংবাদমেল খনত অশ্বিনী বৈষ্ণৱে লগতে কয় যে পৰৱৰ্তী লোকপিয়লত জাতি লোকপিয়লো অন্তৰ্ভুক্ত কৰা হ’ব। ই এক ঐতিহাসিক পদক্ষেপ বুলি বিবেচিত হৈছে, কাৰণ এতিয়ালৈকে জাতি লোকপিয়ল মৌলিক লোকপিয়লৰ অংশ হোৱা নাই।
 
তেওঁ লগতে কয় যে, "কিছুমান ৰাজ্যই নিজা পৰ্যায়ত জাতিগত জৰীপ কৰিছে, কিন্তু সামাজিক তন্ত্ৰ বুজিবলৈ হ’লে এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন।"
 
জাতি জনগণনাক লৈ তেওঁ কংগ্ৰেছক লক্ষ্য কৰি লয়। তেওঁ কয় যে, জাতি লোকপিয়ল কংগ্ৰেছে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। কংগ্ৰেছ চৰকাৰসমূহে আজিলৈকে জাতি-জনপিয়লৰ বিৰোধিতা কৰি আহিছে।
 
বৈষ্ণৱে কয়, "কংগ্ৰেছ চৰকাৰে সদায় জাতি লোকপিয়লৰ বিৰোধিতা কৰি আহিছে। ২০১০ চনত প্ৰয়াত ড০ মনমোহন সিঙে সংসদত কৈছিল যে জাতি লোকপিয়লৰ বিষয়টো কেবিনেটত বিবেচনা কৰা উচিত। এই বিষয়টো বিবেচনা কৰিবলৈ মন্ত্ৰীৰ এটা দল গঠন কৰা হৈছিল। প্ৰায়বোৰ ৰাজনৈতিক দলে জাতি লোকপিয়লৰ পৰামৰ্শ দিছে। ইয়াৰ পিছতো কংগ্ৰেছ চৰকাৰে এছ ই চি চি নামেৰে পৰিচিত এক সমীক্ষা চলোৱাটো উপযুক্ত বুলি ভাবিছিল।"