গুৱাহাটী
পেহেলগামৰ নাৰকীয় ঘটনাক তীব্ৰ নিন্দা কৰে উত্তৰ-পূব যুটীয়া ৰাজ্যিক হজ কমিটিয়ে। পেহেলগাম কাণ্ডত জড়িত থকা সন্ত্ৰাসবাদীক কোনো কাৰণতে ৰেহাই দিব নালাগে বুলিও উল্লেখ কৰে যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে। আনহাতে সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ আহ্বানো কৰে চৰকাৰক। নিজৰ দেশত থাকি পাকিস্তানক সমৰ্থন কৰা লোকৰ ওপৰতো কঠোৰ শাস্তি হ'ব লাগে বুলি দাবী কৰে অধ্যক্ষ নেকিবুৰ জামানে।
উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্রীসকলক পবিত্র হজ কৰাবলৈ মদিনালৈ পঠিয়াবলৈ সাজু হৈ আছে অসম, মেঘালয়, নাগালেও, মিজোৰাম, অৰুণাচল প্রদেশ আৰু চিকিম ৰাজ্যৰ যুটীয়া ৰাজ্যিক হজ কমিটীয়ে।
গুৱাহাটী বিমানবন্দৰৰ পৰা যত্রা কৰিবলগীয়া হজযাত্রীসকলৰ বিমান যাত্ৰাৰ শেহতীয়া সময় সূচীও পূর্বে ঘোষণা কৰা হৈছে। এই কথা সদৰী কৰে অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু চিকিম ৰাজ্যৰ যুটীয়া ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে।
গুৱাহাটীৰ হাজী মুছাফিৰখানাত আজি আয়োজন কৰা এক সংবাদমেলত ভাগ লৈ অধ্যক্ষ নেকিবুৰ জামানে কয় যে অহা ৩ মে'ৰ পৰা আৰম্ভ হ'ব হজ যাত্রা। ৩ মে'ৰ পৰা ৮ মে'লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ২৭৮২ গৰাকী হজযাত্রী মক্কা আৰু মদিনালৈ ৰাওনা হব। ইয়াৰ ভিতৰত পুৰুষ হজযাত্রী সংখ্যা ১৯২৭ জন আৰু মহিলা হজযাত্রীৰ সংখ্যা হৈছে ৮৫৫ গৰাকী।
৩ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰাৰ বিষয়ে বুধবাৰে হাজী মুছাফিৰখানাত সংবাদমেল সম্বোধন কৰি সদৰী কৰিলে যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে। আজি যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে সংবাদমেলত কয়, 'হজযাত্ৰাৰৰ বাবে এইবাৰ ২৭৮২ জনে আবেদন কৰিছিল যদিও তাৰ ভিতৰত ২৭৮২ যাত্রীয়ে যাবলৈ সাজু হৈছে। ৩ মে'ত ইয়াৰে প্ৰথমটো দলটো গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব।
প্রতিদিনে এখনকৈ বিমানত ৩২১ গৰাকীকে যাত্রীয়ে যাত্রা কৰিব। অসমৰ পৰা ২৭৪২ জন হজযাত্রী, মেঘালয়ৰ পৰা ২৬ জন হজযাত্রী আৰু মিজোৰামৰ পৰা এজন হজযাত্রী মদিনালৈ যাব। গুৱাহাটীৰ বিমান বন্দৰৰ পৰা ১৭২৮ গৰাকী, কলকাতা বিমান বন্দৰৰ পৰা ৮১৯ গৰাকী, মুম্বাই বিমান বন্দৰৰ পৰা ২২১ গৰাকী, দিল্লী বিমান বন্দৰৰ পৰা ১২ গৰাকী, হাইদৰাবাদ বিমান বন্দৰৰ পৰা ২ গৰাকী হজযাত্রী মদিনা লৈ পবিত্র হজ কৰিবলৈ যাব।
যাত্রীসকলক তদাৰক কৰিবলৈ ১৭ গৰাকী হজ পৰিদৰ্শক প্ৰেৰণ কৰা হৈছে। তদুপৰি আৱশ্যক অনুযায়ী চিকিৎসকৰ দল প্রেৰণ কৰা হ'ব বুলিও কয় যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ গৰাকীয়ে।
নেকিবুৰ জামানে হজযাত্ৰীসকলৰ সহায়ৰ বাবে হজ সম্পর্কীয় তথ্যসমূহ জানিবৰ বাবে কেন্দ্রীয় হজ সমিতিয়ে হজ মোবাইল এপৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰে। যাত্রীসকলক বিদায়ৰ দিয়াৰ বাবে ২ মে'ৰ সন্ধিয়া ৬ বজাত হাজীসকলৰ শেষ বিদায়ী সভাৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত। অনুষ্ঠানটোত স্মৰণিকা লাব্বাইকা' উন্মোচন কৰিব দৈনিক অসমৰ মুখ্য সম্পাদক ডঃ হিতেশ ডেকাই। অনুষ্ঠানত আখেৰি দোৱাত বহুকেইগৰাকী ইছলামিক পণ্ডিতে ভাগ ল'ব।