নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ ৩ দিনজোৰা কাৰ্যসূচী আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 Years ago
নিৰ্মলা সীতাৰমণৰ সৈতে হিমন্ত বিশ্ব শৰ্মা
নিৰ্মলা সীতাৰমণৰ সৈতে হিমন্ত বিশ্ব শৰ্মা
নতুন দিল্লী 

নতুন দিল্লীত বুধবাৰৰ পৰা আৰম্ভ হৈছে কিংবদন্তি আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ তিনিদিনীয়া উদযাপন কাৰ্যসূচী। আজি পুৱা বিজ্ঞান ভৱনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই উপলক্ষে এখন প্ৰদৰ্শনী উদ্বোধন কৰে।
 
প্ৰদৰ্শনীখন উদ্বোধন কৰাৰ পিছত নিৰ্মলা সীতাৰমণে কয়, "মই অসমৰ সংস্কৃতি আৰু ইতিহাস যিদৰে খোদিত আৰু সংৰক্ষণ কৰা হৈছে তাৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছো।" এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "কিংবদন্তি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন উপলক্ষে তেওঁক লৈ আয়োজন কৰা এখন প্ৰদৰ্শনী উদ্বোধন কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক আমাৰ সৈতে পোৱাটো অত্যন্ত সন্মানৰ বিষয়। এই অনুষ্ঠানত সীতাৰমণৰ উপস্থিতিয়ে অসম আৰু উত্তৰ-পূবৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ উদাহৰণ দাঙি ধৰে।"

"লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তীত অধিক সংখ্যক দৰ্শকৰ আগত তেওঁৰ গৌৰৱ প্ৰদৰ্শন কৰিবলৈ আমাৰ চৰকাৰে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই উদযাপন অনুষ্ঠানৰ উপৰিও, আমি তেওঁক লৈ এখন কিতাপ আৰু এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছো", মুখ্যমন্ত্ৰী শৰ্মাই কয়।
তেওঁ লগতে ঘোষণা কৰে যে আহোম সাম্ৰাজ্যৰ মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰিবলৈ চৰকাৰে যোৰহাট জিলাৰ লাচিত বৰফুকনৰ মৈদামত এখন স্মৃতিসৌধ নিৰ্মাণ কৰিছে আৰু গুৱাহাটীৰ সমীপৰ আলাবৈত এখন যুদ্ধ স্মাৰক ৰূপায়ণ কৰা হৈছে।
 
অসম চৰকাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত লাচিতৰ সন্মানাৰ্থে এখন স্মৃতিসৌধৰো পৰিকল্পনা কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় ইতিহাসে আমাৰ বীৰ আৰু আহোম বংশৰ গৌৰৱময় ইতিহাসক আওকাণ কৰিছে।
উল্লেখ্য যে, তিনিদিনীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি সন্ধিয়া মুখ্য অতিথি হিচাপে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২৫ নৱেম্বৰ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। সংবাদ মাধ্যমৰ সৈতে হোৱা ভাষণত অসমৰ হস্ততাঁত মন্ত্ৰী উ জি ব্ৰহ্মই কয় যে অসমৰ গাঁৱৰ জীৱন আৰু সংস্কৃতিৰ লগতে লাচিত বৰফুকনৰ অনুষ্ঠানসমূহ প্ৰদৰ্শনীত প্ৰদৰ্শিত হ’ব।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন অনুষ্ঠান আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে লাচিত বৰফুকনৰ বীৰত্ব আৰু যুদ্ধৰ দক্ষতাৰ বিষয়ে দেশবাসীক অৱগত কৰোৱা। লাচিত বৰফুকন আছিল সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধত মোগলক পৰাস্ত কৰি ঔৰংজেবৰ সম্প্ৰসাৰিত উচ্চাকাংক্ষা প্ৰতিহত কৰা আহোম সেনাৰ বিখ্যাত সেনাপতি।