নতুন দিল্লী
দীপাৱলী আৰু ষট পূজাৰ বাবে কেন্দ্ৰীয় ৰেলৱেই ১৭০২খন বিশেষ ৰে’ল সেৱাৰ ব্যৱস্থা কৰিছে। যাৰ ফলত যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাত সহায় কৰাৰ লগতে পৰিয়ালৰ সৈতে এই উৎসৱত যোগদান কৰিব পাৰিব।
কেন্দ্ৰীয় ৰে'লৱেৰ চিপিআৰঅ' স্বপ্নীল নীলাই শনিবাৰে জনোৱা মতে, "আগন্তুক ছঠ আৰু দীপাৱলী উপলক্ষে কেন্দ্ৰীয় ৰে’লৱেই ১৭০২খন বিশেষ ৰে’ল চলাচল কৰাৰ বাবে প্ৰস্তুতি চলাইছে, যাতে যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ গৈ পৰিয়ালৰ সৈতে এই উৎসৱ উদযাপন কৰিব পাৰে। এই ৰে’লসমূহ ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, লোকমান্য তিলক টাৰ্মিনাছ, পুনে, কলহাপুৰ আৰু নাগপুৰ আদি ষ্টেচনৰ পৰা আৰম্ভ হ’ব। ইয়াৰে ৮০০ৰো অধিক ৰে’লে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ সেৱা আগবঢ়াব। দেশৰ ভিতৰতে আন বিভিন্ন স্থানক এই ৰে’লে সেৱাই সংযোগ কৰিব৷"
চিপিআৰঅ' গৰাকীয়ে লগতে কয় যে, "যাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ ষ্টেচনসমূহত টিকট বুকিঙৰ বাবে মোবাইল ইউটিএছ সেৱা উপলব্ধ আৰু অপেক্ষাৰ সময় কমোৱাৰ বাবে অতিৰিক্ত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে। যাত্ৰীৰ আৰাম আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ খাদ্য, পানী, শৌচাগাৰ আৰু ফেনৰ দৰে সুবিধাৰে সজ্জিত প্ৰধান ষ্টেচনসমূহত ৩,০০০ৰো অধিক যাত্ৰী ক্ষমতাসম্পন্ন স্থান স্থাপন কৰা হৈছে।"
ইয়াৰ পূৰ্বে শনিবাৰে ভাৰতীয় ৰে’লৱেই ৰে’লৱে পৰিচালনাৰ সৈতে জড়িত ‘বিভ্ৰান্তিকৰ’ ভিডিঅ’ শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো এই উৎসৱৰ বতৰত কিছুমান ছ’চিয়েল মিডিয়া হেণ্ডেলে পুৰণি বা বিভ্ৰান্তিকৰ ভিডিঅ’ প্ৰচাৰ কৰি যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বুলিও ৰে’লৱেই এক বিবৃতিত জনায়।
ৰে’ল প্ৰশাসনে জনোৱা মতে, ২০টাতকৈও অধিক এনে ছ’চিয়েল মিডিয়া হেণ্ডেল চিনাক্ত কৰা হৈছে আৰু এফআইআৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এনে অসামাজিক উপাদানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ ২৪x৭ ছ’চিয়েল মিডিয়া নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হৈছে।
যাত্ৰীসকলক প্ৰামাণিক তথ্যৰ বাবে কেৱল ৰে’ল মন্ত্ৰালয়ৰ চৰকাৰী ৰে’লৱে জাননী আৰু পৰীক্ষিত ছ’চিয়েল মিডিয়া হেণ্ডেল অৰ্থাৎ এক্স, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত ৰে’ল মিনিইণ্ডিয়াৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।