জম্মু-কাশ্মীৰৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰৰ চিন্তা-চৰ্চা কেন্দ্ৰৰ

Story by  atv | Posted by  [email protected] • 30 d ago
জে কে মিডিয়া গ্রুপৰ সৈতে এক সাক্ষাৎকাৰত অমিত শ্বাহ
জে কে মিডিয়া গ্রুপৰ সৈতে এক সাক্ষাৎকাৰত অমিত শ্বাহ

 

নতুন দিল্লী

কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰপৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ ‘আফস্পা' প্রত্যাহাৰৰ চিন্তা কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বুধবাৰে এটা সাক্ষাৎকাৰত এই কথা সদৰি কৰে।

কেন্দ্রীয় গৃহমন্ত্রীজনে জে কে মিডিয়া গ্রুপক দিয়া সাক্ষাৎকাৰটোত কয় যে বর্তমান জম্মু আৰু কাশ্মীৰত থকা সৈন্য বাহিনীৰ জোৱানসকলক ঘূৰাই অনাৰো পৰিকল্পনা কৰি আছে কেন্দ্ৰই ।

ছেপ্টেম্বৰৰ পূৰ্বে কেন্দ্ৰীয়শাসিত অঞ্চলটোত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলাই থকা হৈছে। তেওঁ আৰু কয় যে জম্মু আৰু কাশ্মীৰৰ আইন-শৃংখলাৰ দায়িত্ব কেৱল আৰক্ষীকহে অৰ্পণৰ কেন্দ্ৰই প্রস্তুতি চলাই আছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ আৰক্ষীক ভৰসা কৰিব পৰা হোৱা নাছিল। কিন্তু এতিয়া তাৰ আৰক্ষীয়ে জটিল অভিযানতো সফলতা লাভ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই প্রস্তুতি চলোৱা হৈছে বুলি অমিত শ্বাহে কয় ।