লোকসভা নিৰ্বাচন ২০২৪: ২৯ এপ্ৰিলত গুৱাহাটীত মেগা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে

Story by  atv | Posted by  [email protected] • 11 d ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
 
গুৱাহাটী
 
২০২৪ চনৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ২৯ এপ্ৰিল সোমবাৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
 
 
এই অনুষ্ঠানটোৱে বৃহৎ সংখ্যক সমৰ্থকে ভিৰ কৰিব বুলি আশা কৰা হৈছে। লগতে বিজেপিয়ে ভোটাৰক উৎসাহিত কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ৰোড শ্ব'টো আয়োজন কৰিব।
 
অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অমিত শ্বাহে অহা ২৯ মে'ত গুৱাহাটীৰ মেগা ৰোডশ্ব'ত অংশগ্ৰহণ কৰিব। মহানগৰীৰ চাইকেল ফেক্টৰী-লাল গণেশ এলেকাৰ মাজত ৰোড শ্ব'টো অনুষ্ঠিত কৰা হ'ব।"
 
মুখ্যমন্ত্ৰী শৰ্মাই আৰু দৃঢ়তাৰে কয় যে অনুষ্ঠানটোৰ প্ৰাকক্ষণত এক বিশদ পৰিকল্পনা কৰা হৈছে, যাতে কোনো ধৰণৰ যান-জঁটৰ সৃষ্টি নকৰাকৈ অনুষ্ঠানতো  শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায়। 
 
হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ কম হোৱা ধাৰাটোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।
 
"গুৱাহাটীত ভোটাৰৰ হাৰ কম প্ৰতিবাৰেই কম হয় আৰু আমি ইয়াৰ ভোটাৰসকলক সজাগ কৰি তুলিব লাগিব", মুখ্যমন্ত্ৰীয়ে কয়।
 
আনহাতে, বিৰোধী কংগ্ৰেছ দলৰ মুৰব্বী খৰ্গে আজি ৰাজ্যৰ ৰাজধানী গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰিব। তাৰপাছত খৰ্গে বৰপেটাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।