ভাৰতত হিন্দু জনসংখ্যা 8% হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে সংখ্যালঘুৰ সংখ্যা

Story by  atv | Posted by  Munni Begum • 11 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদে (EAC-PM) এক অধ্যয়নত প্ৰকাশ কৰিছে যে, ভাৰতৰ সংখ্যাগৰিষ্ঠ ধৰ্ম (হিন্দু)ৰ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ৭.৮% তীব্ৰভাৱে হ্ৰাস পাইছে। আনহাতে চুবুৰীয়া কেইবাখনো দেশত তেওঁলোকৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।
 
ভাৰতত হিন্দু জনসংখ্যা সংকুচিত হোৱাৰ বিপৰীতে মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আৰু শিখকে ধৰি সংখ্যালঘু লোকৰ অংশ বৃদ্ধি পাইছে। কিন্তু জনসংখ্যাৰ এই মিশ্ৰণত জৈন আৰু পাৰ্চীৰ সংখ্যা হ্ৰাস পাইছে। ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ভাৰতত মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫%, খ্ৰীষ্টানসকলৰ ৫.৩৮%, শিখসকলৰ ৬.৫৮% বৃদ্ধি পাইছে আৰু বৌদ্ধসকলৰ সংখ্যাও সামান্য বৃদ্ধি পোৱা দেখা গৈছে। 
 
ইএচি-পিএমৰ অধ্যয়নমতে, ভাৰতৰ জনসংখ্যাত হিন্দুৰ অংশ ১৯৫০ চনত ৮৪%ৰ পৰা ২০১৫ চনত ৭৮%লৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমানসকলৰ অংশ একে সময়ছোৱাত (৬৫ বছৰৰ) ৯.৮৪%ৰ পৰা ১৪.০৯%লৈ বৃদ্ধি পোৱা দেখা গৈছে।
 
ভাৰতৰ সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ সংকোচন (৭.৮%) হৈছে। চুবুৰীয়া দেশ ম্যানমাৰত উল্লেখযোগ্য ১০% হ্ৰাসৰ ঠিক পিছতে দ্বিতীয়তে আছে ভাৰত। ভাৰতৰ বাহিৰেও নেপালৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় (হিন্দু)ৰ জনসংখ্যাৰ অংশ ৩.৬% হ্ৰাস পাইছে। ২০২৪ চনৰ মে' মাহত প্ৰকাশ পোৱা এই অধ্যয়নত সমগ্ৰ বিশ্বৰ ১৬৭খন দেশৰ ধাৰাসমূহৰ মূল্যায়ন কৰা হৈছে।
 
অধ্যয়নটোৰ লেখকসকলে প্ৰকাশ কৰিছে যে, ভাৰতত সংখ্যালঘুসকল কেৱল সুৰক্ষিত নহয়, বৰঞ্চ সঁচাকৈয়ে লাভৱান হৈছে। কিয়নো জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত ইয়াৰ চুবুৰীয়া দেশসমূহৰ তুলনাত একেবাৰে পৃথক। ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ভাৰতীয় সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হিন্দুসকলৰ অংশ দেশৰ জনসংখ্যাত ৭.৮% হ্ৰাস পাইছে। কিন্তু চুবুৰীয়া দেশসমূহত মুছলমান সংখ্যাগৰিষ্ঠতাত জনগাঁথনিগত মিশ্ৰণত সম্প্ৰদায়টোৰ অংশ বৃদ্ধি পোৱাহে দেখা গৈছে। বাংলাদেশত সৰ্বাধিক ১৮.৫% বৃদ্ধি পোৱাৰ বিপৰীতে পাকিস্তানত ৩.৭৫%  আৰু আফগানিস্তানত ০.২৯% বৃদ্ধি পাইছে। 
 
শ্বামিকা ৰবি, আব্ৰাহাম জোচে আৰু অপূৰ্ব কুমাৰ মিশ্ৰৰ যুটীয়া অধ্যয়নটো লক্ষ্য কৰা হৈছে যে, ১৯৭১ চনত বাংলাদেশ সৃষ্টি হোৱাৰ পিছতো পাকিস্তানত সংখ্যাগৰিষ্ঠ ধৰ্মীয় ধৰ্মগোষ্ঠীৰ (হানাফি মুছলমান) অংশ ৩.৭৫% বৃদ্ধি  হৈ মুঠ মুছলমান জনসংখ্যাৰ অংশ ১০% বৃদ্ধি পোৱা দেখা গৈছে।
 
ভাৰতৰ পূব চুবুৰীয়া অঞ্চলৰ দেশ ম্যানমাৰৰ জনসংখ্যাত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ অংশ সৰ্বাধিক হ্ৰাস পাইছে। ম্যানমাৰৰ থেৰাভাদা বৌদ্ধসকলৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা ৬৫ বছৰত ১০% হ্ৰাস পাইছে। ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও নেপালৰ সংখ্যাগৰিষ্ঠ হিন্দু জনসংখ্যা ৩.৬% হ্ৰাস পোৱা বুলি ইএচি-পিএমৰ অধ্যয়নত প্ৰকাশ পাইছে। আনহাতে, মালদ্বীপত সংখ্যাগৰিষ্ঠ গোটৰ (শ্বাফী চুন্নী) অংশ ১.৪৭% হ্ৰাস পাইছে।
 
কিন্তু ২০২৪ চনৰ মে' মাহত প্ৰকাশ পোৱা অধ্যয়ন অনুসৰি ভাৰতৰ সংখ্যাগৰিষ্ঠ বৌদ্ধ জনসংখ্যা থকা ভাৰতৰ চুবুৰীয়া দেশ ভূটান আৰু শ্ৰীলংকাতো ক্ৰমে ১৭.৬% আৰু ৫.২৫% বৃদ্ধি পোৱা গৈছে। 
 
অধ্যয়নটোত কোৱা হৈছে যে, "মুঠ জনসংখ্যাৰ অংশ হিচাপে সংখ্যালঘুৰ অনুপাতৰ পৰিৱৰ্তনে এখন দেশত সংখ্যালঘুৰ মৰ্যাদাৰ বাবে এক নিৰ্ভৰযোগ্য ছায়া হিচাপে কাম কৰে, যিটো সংখ্যালঘুৰ সংজ্ঞা নিৰূপণকে ধৰি নীতিৰ জৰিয়তে পুষ্ট কৰা হয়, যিটো নিজেই বিশ্বজুৰি এক বিৰল প্ৰথা। যিয়ে বিশ্বৰ ১৬৭খন দেশৰ ধাৰাসমূহৰ মূল্যায়ন কৰি আহিছে।" 
 
অধ্যয়নটোত প্ৰকাশ পাইছে যে, ১৯৫০ চনৰ পৰা ২০১৫ চনলৈ ১৬৭ খন দেশত সংখ্যাগৰিষ্ঠ ধৰ্মীয় ধৰ্মগোষ্ঠীৰ অংশ গড়ে ২২% হ্ৰাস পাইছে। লাইবেৰিয়াত ৯৯% হ্ৰাসৰ পোৱাৰ বিপৰীতে নামিবিয়াত ৮০% লৈ বৃদ্ধি পাইছে। ১২৩ খন দেশত সংখ্যাগৰিষ্ঠ ধৰ্মৰ অংশ হ্ৰাস পাইছে। 
 
প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰিষদৰ অধ্যয়নত এইদৰে কোৱা হৈছে যে, সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ হ্ৰাস আৰু  সংখ্যালঘুৰ অংশ বৃদ্ধিৰ পৰা অনুমান কৰিব পাৰি যে সকলো নীতিগত কাৰ্য্য, ৰাজনৈতিক সিদ্ধান্ত আৰু সমাজ প্ৰক্ৰিয়াৰ নিকা ফল হৈছে সমাজত বৈচিত্ৰ্য বৃদ্ধিৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰা। 
 
এই অধ্যয়নত ভাৰতৰ সংখ্যালঘুসকলৰ জীৱন উন্নত কৰাৰ বাবে ভাৰতৰ নীতি আৰু প্ৰতিষ্ঠানসমূহক প্ৰশংসা কৰা হৈছে। লেখকসকলে এই সিদ্ধান্তত উপনীত হৈছে যে, "এই প্ৰগতিশীল নীতি আৰু সৰ্বাংগীন প্ৰতিষ্ঠানসমূহৰ ফলাফল ভাৰতৰ ভিতৰত সংখ্যালঘু জনসংখ্যাৰ ক্ৰমবৰ্ধমান সংখ্যাত প্ৰতিফলিত হৈছে।"