জলাশয়ৰ স্তৰ মাত্ৰ ১৭% লৈ হ্ৰাস; দক্ষিণ ভাৰতত তীব্ৰ জল সংকট

Story by  atv | Posted by  [email protected] • 11 d ago
দক্ষিণ ভাৰতত তীব্ৰ জল সংকট
দক্ষিণ ভাৰতত তীব্ৰ জল সংকট
 
নতুন দিল্লী
 
অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যকে ধৰি দক্ষিণ ভাৰতত জলাশয়ত পৰ্যাপ্ত পানী নথকাৰ বাবে ডাঙৰ সমস্যাই দেখা দিছে। শেহতীয়াকৈ কেন্দ্ৰীয় জল আয়োগে (CWC) এটা তথ্যত প্ৰকাশ কৰা মতে এই জলাশয়সমূহত পানীৰ মজুতকৰণ ইয়াৰ মুঠ ক্ষমতাৰ ১৭% মাত্ৰ।
 
যোৱা বছৰ এই সময়ত ২৯% আছিল, আৰু যোৱা দহ বছৰত প্ৰায় ২৩% পৰ্যন্ত হ্ৰাস পাইছে। তাৰ লগে লগে খেতি-বাতিকে ধৰি যথেষ্ট পানীৰ অভাৱ পৰিলক্ষিত হৈছে। 
 
আনহাতে, দেশৰ পূব প্ৰান্তত ইয়াৰ তুলনাত যথেষ্ট ভাল। অসম, ওড়িশা, পশ্চিম বংগ আদি ঠাইত যোৱা বছৰৰ তুলনাত, আনকি যোৱা দহ বছৰৰ গড় হিচাপত জলাশয়ত অধিক পানী জমা হৈ আছে।
 
গুজৰাট আৰু মহাৰাষ্ট্ৰকে ধৰি পশ্চিম অঞ্চলতো পৰিস্থিতি ভাল নহয়। জলাশয়ৰ মুঠ ক্ষমতাৰ প্ৰায় ৩১.৭% হে পানীৰে ভৰি থাকে, যিটো যোৱা বছৰৰ তুলনাত কম আৰু সাধাৰণ গড়।
 
আনকি উত্তৰ আৰু মধ্য অঞ্চলতো সাধাৰণতে আশা কৰাতকৈ পানীৰ সংৰক্ষণ হ্ৰাস পাইছে।
 
তথ্য অনুসৰি বিভিন্ন নদী অৱবাহিকাৰ বিষয়েও তথ্য দিয়া হৈছে। ব্ৰহ্মপুত্ৰ, নৰ্মদা, টাপি আদি কিছুমান অৱবাহিকাত সাধাৰণতকৈ অধিক পানী থাকে, আনহাতে কাবেৰী আৰু মহানদী আৰু পেন্নাৰৰ মাজৰ কিছুমান নদীত পানী অতি কম।