চন্দ্ৰৰ ওপৰত সূৰ্যৰ প্ৰভাৱ পৰ্যবেক্ষণ চন্দ্ৰযান ২ৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
ISRO য়ে প্ৰকাশ কৰা ছবি
ISRO য়ে প্ৰকাশ কৰা ছবি
 
নতুন দিল্লী 
 
ভাৰতৰ অভিলাষী চন্দ্ৰযান ২ য়ে চন্দ্ৰৰ ওপৰত সূৰ্যৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰিছে। ইছৰোৱে এই তথ্য শ্বেয়াৰ কৰি কয় যে, এই পৰ্যবেক্ষণসমূহে চন্দ্ৰৰ বহিঃমণ্ডল, ইয়াৰ অতি পাতল বায়ুমণ্ডল আৰু ইয়াৰ পৃষ্ঠত মহাকাশৰ বতৰৰ প্ৰভাৱ বুজিবলৈ সহায় কৰিব।
 
ইছৰোৱে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ অভিলাষী অভিযান চন্দ্ৰযান ২ৰ চন্দ্ৰ কক্ষপথেৰে মহাকাশ বিজ্ঞানৰ এক বৃহৎ, প্ৰথমবাৰৰ দেখা পৰিঘটনা ৰেকৰ্ড কৰিছে। চন্দ্ৰযান-২ত থকা CHASE-2 বৈজ্ঞানিক যন্ত্ৰটোৱে চন্দ্ৰৰ অতি পাতল বায়ুমণ্ডলত সূৰ্যৰ পৰা ক’ৰ’নেল মাছ ইজেকচন (CME)ৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিছে। 
 
চন্দ্ৰযান-২ৰ পৰ্যবেক্ষণত প্ৰকাশ পাইছে যে, যেতিয়া এই বৃহৎ সৌৰ ধুমুহাই চন্দ্ৰত আঘাত কৰে, তেতিয়া চন্দ্ৰৰ দিনত বহিঃমণ্ডলত মুঠ চাপ হঠাতে বাঢ়ি যায়। ইছৰোৰ মতে, CHESS-2 য়ে লিপিবদ্ধ কৰিছে যে, বায়ুমণ্ডলত থকা পৰমাণু আৰু অণুৰ ঘনত্ব দহগুণতকৈও অধিক বৃদ্ধি পাইছে। চন্দ্ৰযান-২ হৈছে প্ৰকৃততে এই পৰিঘটনাটো পৰ্যবেক্ষণ কৰা প্ৰথমটো অভিযান।  
 
এই পৰিঘটনা ২০২৪ চনৰ ১০ মে'ত সংঘটিত হৈছিল, যেতিয়া সূৰ্যই মহাকাশলৈ ধাৰাবাহিকভাৱে চি এম ই নিৰ্গত কৰিছিল। যিহেতু চন্দ্ৰত সুৰক্ষামূলক চুম্বকীয় ক্ষেত্ৰ বা পৃথিৱীৰ দৰে ঘন বায়ুমণ্ডলৰ অভাৱ, সেয়েহে চি এম ইৰ পৰা অহা আধানযুক্ত কণাবোৰে চন্দ্ৰৰ পৃষ্ঠৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষ কৰিছিল। এই কণিকাৰ প্ৰভাৱৰ ফলত চন্দ্ৰৰ পৃষ্ঠৰ পৰা বৃহৎ সংখ্যক পৰমাণু আৰু অণু বহিঃমণ্ডললৈ নিৰ্গত হৈছিল। যাৰ ফলত বায়ুমণ্ডল হঠাতে বিস্তাৰিত হৈছিল।