গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ন্যায় প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি কয় যে নিৰ্ধাৰিত তিনি মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ'ব। ডিব্ৰুগড়ত এক চৰকাৰী কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শৰ্মাই কয় যে বিশেষ অনুসন্ধানকাৰী দলৰ (এছআইটি) তত্ত্বাৱধানত অনুসন্ধান প্ৰক্ৰিয়াটো প্ৰত্যাশিত দিশত আগবাঢ়িছে।
"আমি ইটোৰ পিছত সিটো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো আৰু মই নিশ্চিত যে অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব। আমি জুবিনক ন্যায় প্ৰদানৰ বাবে দায়বদ্ধ আৰু কোনো লোকক ৰেহাই নিদিওঁ", মুখ্যমন্ত্ৰীয়ে কয়।
শৰ্মাই লগতে কয় যে আটাইকেইজন অভিযুক্তক আদালতৰ সন্মুখত হাজিৰ কৰোৱা হ'ব আৰু চাৰ্জশ্বীট দাখিল কৰাত চৰকাৰে কোনো বিলম্ব নকৰে। সাধাৰণতে চাৰ্জশ্বীট দাখিল কৰাৰ বাবে ৩ মাহ সময় দিয়া হয়। তদন্তৰ পিছত ন্যায়ালয়ে যাতে ন্যায় প্ৰদান কৰিব পাৰে তাৰ বাবে আমি অধিক সময় ল'ব নোৱাৰো", তেওঁ কয়।
মুখ্যমন্ত্রীয়ে প্রকাশ কৰে যে লজিষ্টিক্যাল অসুবিধাৰ বাবে ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ সদস্যসকলৰ এজনৰ বাহিৰে আনসকল এছ আই টিৰ জাননীৰ পাছতো ভাৰতলৈ ঘূৰি অহা নাই। আমি তেওঁলোকক কেনেকৈ ঘূৰাই আনিব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। আমি ধৈৰ্য্য ধৰিব লাগিব, যদি আমি ধৈৰ্য্য হেৰুৱাম, কোনেও ন্যায় লাভ নকৰিব।
অসম আৰক্ষীয়ে তদন্তৰ বাবে ছিংগাপুৰ ভ্ৰমণ কৰাৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই স্পষ্ট কৰে যে ভাৰতীয় তদন্তকাৰীসকলে আন এখন সার্বভৌম ৰাষ্ট্ৰত তদন্ত কৰিব নোৱাৰে। যিদৰে তেওঁলোকৰ আৰক্ষীয়ে তদন্ত কৰিবলৈ ইয়ালৈ আহিব নোৱাৰে, আমাৰ আৰক্ষীয়েও তাত যাব নোৱাৰে। অৱশ্যে, আমি বিশ্বাস কৰো যে ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব। আমাক কেৱল তেওঁ থকা হোটেলৰ ভিডিঅ' ফুটেজ, ইয়ট, আৰু ইয়াক পৰিচালনা কৰা দুজন ব্যক্তিৰ বিবৃতিৰ প্ৰয়োজন আছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ চলিত মাহৰ শেষৰ ফালে ভাৰতত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত সহযোগিতা বিচাৰিব। তেওঁ কয়, "ছিংগাপুৰৰ সৈতে অসমৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈ মই নিশ্চিত যে আমি তেওঁলোকৰ পৰা সহায় লাভ কৰিম। ছিংগাপুৰ কৰ্তৃপক্ষই ফৰেনচিক প্ৰতিবেদন অসম আৰক্ষীৰ সৈতে ইতিমধ্যে ভাগ-বতৰা কৰিছে। সেয়ে আমাৰ বাবে অভিযোগনামা দাখিল কৰাটো কঠিন নহ'ব। তদন্ত প্ৰক্ৰিয়া অতি কঠোৰভাৱে চলাই থকা হৈছে।"