গুৱাহাটী
১২ মে'ত খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'বলগীয়া নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে সাজু কৰা হৈ উঠিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকিব৷ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন সাজু হৈ উঠিছে৷ বিশেষকৈ ১২ মে'ৰ বাবে যানবাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলাৰ যানবাহন শাখাই ৷
এই সন্দৰ্ভত শনিবাৰে মহানগৰ যানবাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই কয়, "শপতগ্ৰহণ অনুষ্ঠানত এক লাখ জনসমাগম হ'ব। বিভিন্ন স্থানৰ পৰা শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লোকসকল আহিব। সেয়েহে সেই দিনটোত যানবাহন চলাচলৰ ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে।"
তেওঁ কয়,"২৭নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ কইনাধৰাৰ পৰা ভূপেন হাজৰিকা ক্ষেত্ৰলৈ আৰু ভূপেন হাজৰিকা ক্ষেত্ৰৰ পৰা আজাৰালৈ এই পথছোৱাত গধুৰ বাহন, মালবাহী ট্ৰাক, ডাম্পাৰ লগতে ধীৰ গতিৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই দিনটোত পৰাপক্ষত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এৰাই চলি জিএছ ৰোডটো ব্যৱহাৰ কৰিব ৰাইজে৷ বিমানবন্দৰলৈ যাবলগীয়া যাত্ৰীসকলে হাতত দুঘণ্টা অধিক সময় লৈ ঘৰৰ পৰা উলাব৷"
তেওঁ লগতে কয়, "কইনাধৰা পইন্টৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (এইচি) পইণ্টলৈ যিটো চাৰিলেনযুক্ত পথৰ কইনা ধৰাৰ পৰা সোঁফালৰ লেনটোৰে বাহন চলাচল কৰিবলৈ দিয়া হ'ব। আনহাতে বাওঁফালৰ লেনটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। সেইটো পথ বিশেষ পথ হিচাপে ৰখা হ'ব।"
ন-পাৰ্কিঙৰ সন্দৰ্ভত তেওঁ কয়, "২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ লেনত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব। আনহাতে বতাহঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰাৰ ৰাস্তাৰ কাষত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব।"
পাৰ্কিঙৰ সন্দৰ্ভত তেওঁ কয়, "বশিষ্ঠ পথ, সৰুসজাই ষ্টেডিয়াম, এজিচি এল পাৰ্কিং, শ্বহীদ ন্যাস পথ আদিত অনুষ্ঠানলৈ অহা বাহনসমূহৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব।"