চামোলী
২৩ আগষ্টৰ মাজনিশা (প্ৰায় ১ বজাৰ পৰা ২ বজালৈ) উত্তৰাখণ্ডৰ চামোলী জিলাৰ ৰুদ্ৰপ্ৰয়াগৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত থাৰালীত ডাৱৰ বিস্ফোৰণ ঘটে। এই ডাৱৰ বিস্ফোৰণৰ বাবে দেৱভূমি উত্তৰাখণ্ডৰ চামোলী জিলাৰ থাৰালীত ব্যাপক ধ্বংসলীলা সংঘটিত হয়।
থাৰালী চহৰ, আশে-পাশে থকা গাঁও আৰু বজাৰৰ জনজীৱন ব্যাহত হৈ পৰিছে। ধাৰাসাৰ বৰষুণ আৰু ধ্বংসাৱশেষৰ ফলত কেইবাটাও ঘৰ, দোকান আৰু পথৰ ক্ষতিসাধন হৈছে। প্ৰশাসন আৰু এছডিআৰএফৰ দলসমূহে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। এক বিবৃতিত কোৱা হৈছে যে, সাহায্য অভিযানত ৰুদ্ৰপ্ৰয়াগৰ পৰা প্ৰায় ৫০ জন সেনা জোৱান নিয়োগ কৰা হৈছে।
এই ঘটনাৰ সৰ্বোচ্চ প্ৰভাৱ থাৰালী বজাৰ, কোটদীপ আৰু তহচিল চৌহদত দেখা গৈছে। অঞ্চলটোত শ শ বাসগৃহ এতিয়া ধ্বংসাৱশেষ তলত আছে। বহু বাহন ধ্বংসাৱশেষৰ তলত পোত গৈছে। সগোৱাৰা গাঁৱত ধ্বংসাৱশেষৰ তলত পোত যোৱাৰ ফলত এগৰাকী কণমানিৰ মৃত্যু হয়। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা সচিব বিনোদ কুমাৰ সুমনে শনিবাৰে কয় যে, বৰষুণ আৰম্ভ হোৱাৰ পিছৰে পৰা এগৰাকী মহিলা ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে আৰু আন এজন পুৰুষ নিৰুদ্দেশ হৈছে।
এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে স্থানীয় লোকসকল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। উত্তৰাখণ্ডৰ বাৰিষাৰ ফলত ৰাজ্যখনৰ একাধিক জিলাত প্ৰভাৱ পৰিছে, পিথোৰাগড়তো একাধিক পথ বন্ধ হৈ পৰিছে।
মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়েও দুর্যোগ পৰিস্থিতি সম্পর্কে তথ্যৰ বাবে জিলা বিষয়াৰ সৈতে অহৰহ যোগাযোগ কৰি আছে৷ এক্সত এক পোষ্ট মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা নিশা চামোলি জিলাৰ থাৰালী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ মৰ্মান্তিক খবৰ পোৱা যায়। ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, এছডিআৰএফ, আৰক্ষীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে। এই সন্দৰ্ভত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো আৰু ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো। সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।"
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে উত্তৰাখণ্ডৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা/বিজুলী আৰু অতি তীব্ৰ বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। শনিবাৰে বিয়লিলৈকে প্ৰযোজ্য হৈ আছে এই সতৰ্কবাণী।