আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Story by  atv | Posted by  [email protected] • 13 d ago
আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
 
গুৱাহাটী
 
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আজি অসম উপস্থিত হ'ব। লগতে নিজ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত নামিব।
 
 
কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে নিশা ১০:৪৫ বজাত যোৰহাট বিমানবন্দৰত অৱতৰণ কৰিব, আৰু পোনে পোনে তিতাবৰলৈ যাব আৰু ধাৰাবাহিক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
 
প্ৰিয়ংকা গান্ধীৰ এই প্ৰচাৰ অভিযানত অংশগ্ৰহণে অসমত কংগ্ৰেছক নিৰ্বাচনৰ পূৰ্বেই শক্তিশালী কৰিব বুলি আশা কৰিছে কংগ্ৰেছ কৰ্মীসকলে। তিতাবৰত নিৰ্বাচনী প্ৰচাৰ শেষ কৰি বিয়লি আগৰতলালৈ ৰাওনা হ’ব প্ৰিয়ংকা গান্ধী।
 
অসমৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে প্ৰিয়ংকা গান্ধীৰ উপস্থিতিয়ে কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতিক উত্থান ঘটাব, তেওঁলোকৰ বাৰ্তাক দৃঢ় কৰি তুলিব আৰু গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ পূৰ্বে সমৰ্থন সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছে।