গেৰুৱা হ'ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ; নতুন দিল্লীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান

Story by  atv | Posted by  [email protected] • 3 h ago
গেৰুৱা হ'ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ
গেৰুৱা হ'ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ
 
গুৱাহাটী
 
অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে৷ নতুন দিল্লীত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। এই অনুষ্ঠানত বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য নেতা কৰ্মী উপস্থিত থাকে৷
 
উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ পৰা নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হৈ থকা নেতা প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে নিশা কংগ্ৰেছ দলটোৰ পৰা পদত্যাগ কৰি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক পত্ৰ প্ৰেৰণ কৰিছিল৷ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অসম কংগ্ৰেছ দলটোৰ কেতবোৰ নেতাৰ (নাম উল্লেখ কৰা নাই) জৰিয়তে পোৱা অপমান অপমানিত হৈ তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৷
 
"মই আজি মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ নীতি পৰিত্যাগ কৰিছো, আৰু মই কথাটোত মই সুখী নহয় ৷ অৱশ্যে মই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ কাৰণ কংগ্ৰেছ দলৰ ভিতৰতচ'ৰাত বিশেষকৈ অসম কংগ্ৰেছত লগ পোৱা প্ৰতিজন ব্যক্তিয়ে মোক বহু ক্ষেত্ৰত অপমান কৰিছিল", এই প্ৰতিক্ৰিয়া প্ৰদ্যুৎ বৰদলৈৰ৷
 
প্ৰায় তিনিদশকজোৰা ৰাজনৈতিক যাত্ৰাৰ অন্তত মঙলবাৰে নিশা কংগ্ৰেছৰ পৰা পদত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদ বৰদলৈৰ পদত্যাগৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে তেওঁৰ নতুন দিল্লীৰ বাসগৃহত উপস্থিত হৈ বুজনিৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পদত্যাগ পত্র কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে।