নতুন দিল্লী
দেশত সক্ৰিয় ক'ভিড-১৯ ৰোগীয়ে আজি ৭ হাজাৰৰ সীমা অতিক্ৰম কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা মন্ত্ৰীসকলৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।
বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলগীয়া দিল্লীৰ মুখ্যমন্ত্ৰী, সাতজন সাংসদ, আৰু বিধায়ককে ধৰি প্ৰায় ৭০ জন বিজেপিৰ কাৰ্যকৰ্তাৰ আৰ টি-পিচিআৰ পৰীক্ষা কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে সন্ধিয়া ৭:৩০ বজাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে সকলো ৰাজ্যিক দলৰ নেতাক আমন্ত্ৰণ জনাইছে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৩০৬ জন নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ লগতে ৬ জন লোকৰ মৃত্যু হৈছে। কেৰালাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১জন আৰু কৰ্ণাটকত ২ জন লোকৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে।
কেৰালাত এটা দিনত সৰ্বাধিক ১৭০ জন নতুনকৈ আক্ৰান্ত হৈছে। ইফালে, তথ্য অনুসৰি গুজৰাটত নতুনকৈ ১১৪ জন সংক্ৰমণ আৰু ১২২৩ জন সক্ৰিয় ৰোগীৰ সংখ্যা পোৱা গৈছে। তাৰ পিছতে কৰ্ণাটকত ১০০ জন নতুনকৈ আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা মতে, যোৱা ২৪ ঘন্টাত দিল্লীত ৬৬ জন নতুনকৈ ক’ভিড আক্ৰান্ত হৈছে আৰু ৰাজধানী চহৰখনৰ মুঠ ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৫৭ গৰাকী হৈছেগৈ।