নতুন দিল্লী
আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান আদি সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যই ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা লোকসকলক পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণৰ নথি-পত্ৰ অবিহনে দেশত থাকিবলৈ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
যোৱা বছৰ বলৱৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত সংখ্যালঘুসকলৰ সদস্যসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব।
সদ্য কাৰ্যকৰী হোৱা অভিবাসন আৰু বিদেশী আইন ২০২৫ৰ অধীনত জাৰি কৰা এই উল্লেখযোগ্য আদেশ ২০১৪ চনৰ পিছত ভাৰত পাৰ হৈ যোৱা আৰু নিজৰ ভাগ্যক লৈ চিন্তিত হৈ পৰা বহু সংখ্যক লোকক সকাহ প্ৰদান কৰিব। বিশেষকৈ পাকিস্তানৰ হিন্দুসকলক।
আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান যিসকলে ধৰ্মীয় নিৰ্যাতন বা ধৰ্মীয় নিৰ্যাতনৰ ভয়ৰ বাবে ভাৰতত আশ্ৰয় বিচাৰিবলৈ বাধ্য হৈছিল আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণৰ নথি-পত্ৰকে ধৰি বৈধ নথি-পত্ৰ অবিহনে বা পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণৰ নথি-পত্ৰকে ধৰি বৈধ নথি-পত্ৰ লৈ দেশত প্ৰৱেশ কৰিছিল আৰু এনে নথি-পত্ৰৰ বৈধতাৰ ম্যাদ উকলি গৈছে, তেওঁলোকক বৈধ পাছপ’ৰ্ট আৰু ভিছা ৰখাৰ নিয়মৰ পৰা ৰেহাই দিয়া হ’ব বুলি গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে।