লণ্ডন
মানুহৰ অবিবেচকী কাণ্ডৰ বাবে বিশ্বত অভাৱনীয় হাৰত বৃদ্ধি হোৱা গোলকীয় উষ্ণতাই মানৱ জাতিৰ লগতে জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে। অনিয়ন্ত্রিত 'বৃক্ষ নিধন'কে ধৰি বিভিন্ন কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি অহৰহ হৈ আছে। বিগত ১ লাখ বৰ্ষৰ ভিতৰত চলিত বৰ্ষটো আটাইতকৈ উষ্ণ বৰ্ষ হিচাপে চিহ্নিত হৈছে। ২০২২ চনৰ পৰা সকলো মহাদেশৰে উষ্ণতা বৃদ্ধিৰ অভিলেখ ভংগ হৈছে।
স্বাস্থ্য আৰু জলবায়ু পৰিবৰ্তন সন্দৰ্ভত প্রকাশিত লেনছেটৰ অষ্টম কাউন্ট ডাউন প্রতিবেদনত জলবায়ু পৰিবৰ্তনৰ বাবে ভৱিষ্যতে মানুহৰ স্বাস্থ্যৰ ওপৰত পৰিবলগীয়া ভয়ংকৰ বিৰূপ প্রভাৱৰ কথা প্রকাশ পাইছে। ‘লেনছেট'ৰ মতে বর্তমান শতিকাৰ মাজভাগত গৰমৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৪.৭ গুণ বৃদ্ধি পাব।
লেনছেট'ৰ অধ্যয়নৰ মতে উদ্যোগিক বিপ্লৱৰ সময়ৰ জলবায়ুৰ উষ্ণতাতকৈ বৰ্তমানৰ উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত ৰাখিব নোৱাৰিলে পৰিস্থিতি আৰু ভয়াৱহ হ'ব। বৰ্তমানৰ হাৰত উষ্ণতা বৃদ্ধি হৈ থাকিলে ২১০০ চনত জলবায়ুৰ উষ্ণতা ২.৭ ডিগ্রী চেলছিয়াছ হ'ব। ই মানৱ জাতিৰ লগতে জীৱকুল আৰু খাদ্য উৎপাদন আদিতো ভয়ংকৰ বিৰূপ প্রভাৱ পেলাব।
লেনছেটৰ শেহতীয়া প্রতিবেদনমতে জলবায়ু পৰিবৰ্তনে জীৱন আৰু জীৱিকাৰ ওপৰত ভয়ংকৰ প্রভাৱ পেলাইছে। লণ্ডন বিশ্ববিদ্যালয়ৰ নেতৃত্বত জলবায়ু পৰিবৰ্তন আৰু ইয়াৰ মানুহৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা, বিশ্ব জলবায়ু সংস্থাসহ ৫২ টা গবেষণা সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ ১১৪ গৰাকী বিশেষজ্ঞই গৱেষণা কৰিছে।
এই সম্পর্কীয় প্রতিবেদন প্রস্তুত কৰোতাসকলে তেল, গেছ আদিৰ ক্ষেত্ৰত বিনিয়োগ কৰা বিভিন্ন কোম্পানী, বেংক আৰু চৰকাৰক প্ৰকৃতিৰ প্ৰতি দেখুওৱা অমনোযোগিতাৰ বাবে নিন্দাও কৰে। প্ৰতিবেদনত জলবায়ু পৰিবৰ্তন ৰোধৰ বাবে সবল আৰু সময়োপযোগী। পদক্ষেপ গ্ৰহণ নকৰিলে মানৱ জাতিৰ স্বাস্থ্য আৰু ভৱিষ্যৎ বিপদাপন্ন হ'ব বুলি উল্লেখ কৰা হৈছে।