গুৱাহাটী
ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াৰ নামত কোটি কোটি লোকৰ ভোটাধিকাৰ কৰ্তন কৰি ৰাতিটোৰ ভিতৰতে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰাটো একপক্ষীয় সিদ্ধান্ত আৰু কোনো ক্ষেত্রতে ই ন্যায়সংগত হ'ব নোৱাৰে বুলি দেওবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই মন্তব্য কৰিছে।
দেশত ভোটাৰ তালিকাৰ সংশোধনীক লৈ প্রতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে হায়দৰাবাদৰ ১৯ সংখ্যক নালছা-ন্যায়াধীশ বি আৰ চাহনী মেম'ৰিয়েল মুট কর্ট প্রতিযোগিতাত বক্তব্য ৰাখি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।
ন্যায়াধীশ ভূঞাই সতৰ্ক কৰি দিয়ে যে, সার্বজনীন ভোটাধিকাৰক লৈ সাংবিধানিক গেৰাণ্টিক তুচ্ছ কৰা যিকোনো প্রশাসনিক কুচকাৱাজেই গ্রহণীয় হ'ব নোৱাৰে। ভোটাধিকাৰ কেৱল এক আইনী অধিকাৰেই নহয়, এয়া নাগৰিকত্ব আৰু গণতান্ত্রিক শৃংখলাৰ সৈতে ওতঃপ্রোতভাৱে সম্পৃক্ত সাংবিধানিক অধিকাৰ।
তত্ত্বগতভাৱে নাগৰিকত্ব আৰু ভোটাধিকাৰ এটা মুদ্রাৰে ইপিঠি-সিপিঠি, এটাৰ পৰা আনটোক বিচ্ছেদ কৰিব নোৱাৰি। প্ৰাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰৰ উৎস স্বাধীনতা আন্দোলন আৰু সংবিধান সভাৰ সৈতে জড়িত কৰি ন্যায়াধীশ ভূঞাই কয়, "ব্যক্তিৰ সাক্ষৰতা, ঐশ্বর্য, সম্পত্তি বা সামাজিক স্থিতি যিয়েই নহওক, প্ৰতিগৰাকী ভাৰতীয় প্রাপ্তবয়স্কক ভোটাধিকাৰ প্ৰদান কৰি নাগৰিকক সমতা প্রদান কৰা হৈছিল।"
তেওঁ লগতে কয়, ভোটাধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি নিদিলেও উচ্চতম ন্যায়ালয়ে ইয়াৰ সাংবিধানিক চৰিত্ৰক বাৰম্বাৰ স্বীকাৰ কৰি আহিছে।
লাল বাবু হুছেইন বনাম নির্বাচন পঞ্জীয়ন বিষয়া (১৯৯৫) গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি ন্যায়াধীশ ভূঞাই কয়, উচ্চতম ন্যায়ালয়ৰ ৰায়মতে মৃত ভোটাৰৰ বাদে ভোটাৰ তালিকাত এবাৰ পঞ্জীয়ন হোৱা ভোটাৰৰ নাম জাননী প্রদান আৰু শুনানিৰ সুযোগ নিদিয়াকৈ কর্তন কৰিব নোৱাৰি।
ভাষণৰ অন্তত ন্যায়াধীশ ভূঞাই প্রখ্যাত সাংবিধানিক আইনজ্ঞ ননী পাক্লিৱালাই দিয়া সকীয়নিত উল্লেখ কৰে এইদৰে, স্বাধীনতা তেজত বৈ নাথাকে বা তেজে উত্তৰাধিকাৰিত্ব নিদিয়ে, যদিহে তিষ্ঠি থাকিব খোজে প্রতি প্ৰজন্মই তাৰ বাবে যুঁজিব লাগিব।