পাকিস্তানত হাহাকাৰ; নিশা ৮ বজাতে বন্ধ হ’ব দোকান-পোহাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
চিৰবৈৰী পাকিস্তানত এতিয়া সৃষ্টি হৈছে লকডাউন সদৃশ পৰিস্থিতিৰ। পেট্ৰ’ল, ডিজেল, এল পি জিৰ ভয়ংকৰ নাটনিৰ ফলত দেশখনে শেহতীয়াকৈ লৈছে কেবাটাও কঠোৰ সিদ্ধান্ত। আজিৰে পৰা নিশা ৮ বজাতে বন্ধ হ'ব পাকিস্তান। দেশখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে।
 
পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, শ্বাহবাজ চৰকাৰে পঞ্জাৱ, খাইবাৰ পখতুনখোৱা, বেলুচিস্তান, ইছলামবাগ ৰাজধানী টেৰিটৰী, গিলগিট-বাল্টিস্তান, আৰু PoKৰ বজাৰ, শ্বপিং মল, আৰু বাণিজ্যিক অঞ্চলসমূহ নিশা ৮ বজাত বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইছলামবাদত শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে, এই বৈঠকত শক্তি সংৰক্ষণ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ ব্যৱহাৰ কম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
 
আনহাতে, খতুনখোৱাৰ সংমণ্ডল মুখ্য কাৰ্যালয়ৰ বজাৰ আৰু শ্বপিং মলসমূহ নিশা ৯ বজালৈকে খোলা থাকিব বুলিও সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে। অৱশ্যে সকলো ধৰণৰ সাধাৰণ দোকান, ডিপাৰ্টমেণ্ট ষ্ট’ৰ আৰু সকলো ধৰণৰ মল ৮ বজাতে বন্ধ হ’ব। একেদৰে বেকাৰী, ৰেষ্টুৰেণ্ট, আৰু অন্যান্য খাদ্যৰ দোকানৰ লগতে বিবাহ হল, তম্বু, বিয়া আৰু অন্যান্য অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰতো একেই নিয়মেই বাহাল থাকিব বুলি জানিব পৰা গৈছে।