গুৱাহাটী
মধ্য প্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বৰ কেইবাখনো দেশত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত সবাতোকৈ বেছি প্ৰভাৱ পৰিছে পাকিস্তান, বাংলাদেশৰ দৰে দেশত। এই যুদ্ধই তৃতীয় সপ্তাহত ভৰি দিছে, কেতিয়ালৈকে এই যুদ্ধ অব্যাহত থাকিব, তাৰো কোনো নিশ্চয়তা নাই। পাকিস্তানত ইতিমধ্যে পেট্ৰল-ডিজেলৰ মূল্যই ৩৫০ টকাৰো সীমা অতিক্ৰম কৰিছে। পেট্ৰলৰ মূল্য ৫০-৬০টকা পৰ্যন্ত বৃদ্ধি পাইছে।
এনে সংকটকালীন সময়তে পাকিস্তান চৰকাৰে পুনৰ মাধমাৰ দিবলৈ ওলাইছে চৰকাৰী কৰ্মচাৰীসকলক। পাক চৰকাৰে সিদ্ধান্ত লৈছে যে, দেশখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছে পাক চৰকাৰে।
আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ ধন ৫ৰ পৰা ৩০শতাংশ পৰ্যন্ত কৰ্তন কৰা হ'ব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্যাপক মিতব্যয়িতা আঁচনি নামেৰে এক আঁচনি ৰূপায়ন কৰি এই পদক্ষেপ গ্ৰহণ কৰিব পাক চৰকাৰে।
উল্লেখযোগ্য যে, চৰকাৰী বাহনৰ বাবে আৱন্টিত ইন্ধনৰ পৰিমাণো ৫০শতাংশ কৰ্তনৰ সিদ্ধান্ত লৈছে। লগতে বহু বিষয়াৰ পৰা চৰকাৰী বাহন কৰ্তন কৰা হৈছে। দেশখনৰ প্ৰায় ৬০শতাংশ কৰ্মচাৰীৰ পৰা চৰকাৰী বাহন কৰ্তন কৰা হৈছে।