দাৰুল উলুম দেওবন্দে চুফীবাদ অনুসৰণ কৰে নে?

Story by  atv | Posted by  [email protected] • 10 Months ago
দাৰুল উলুম দেওবন্দ
দাৰুল উলুম দেওবন্দ
 
চাকিব চেলিম
 
বেছিভাগ শিক্ষিত আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰী লোকৰ মাজত এটা সাধাৰণ বিশ্বাস আছে যে, ইছলামিক শিক্ষাৰ সৰ্বোত্তম কেন্দ্ৰ দাৰুল উলুম দেওবন্দ চুফীবাদৰ বিৰোধী। ই হৈছে এটা ডাঙৰ ভুল ধাৰণা। কিয়নো দাৰুল উলুম দেওবন্দে চুফী চিন্তাধাৰা অনুসৰণ কৰাই নহয়, একে চিন্তাধাৰা ছাত্ৰ আৰু যুৱকসকলৰ মাজত প্ৰচাৰো কৰে। 
 
 
১৮ শতিকাৰ ইছলামিক পণ্ডিত শ্বাহ ৱালিউল্লাহ দেহলৱীয়ে চুফী চিন্তাধাৰা, ইতিহাস আৰু আচাৰ-ব্যৱহাৰৰ ওপৰত কেইবাখনো গ্ৰন্থ লিখিছিল।  তেওঁৰ ওপৰত দাৰুল উলুম দেওবন্দৰ তৰফৰ পৰা এক  ফাতোৱা জাৰি কৰা হৈছিল। ফাতোৱাত উল্লেখ কৰা আছিল যে, “হজৰত শ্বাহ ৱালিউল্লাহ দাৰুল উলুম দেওবন্দৰ কাৰণে এজন পিতামহ আৰু দেওবন্দৰ উলেমাসকল তেওঁৰ উত্তৰাধিকাৰী। 
 
 চুফী নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
 
ৱালিউল্লাহে তেওঁৰ এটা লিখনিত যুক্তি দাঙি ধৰিছিল যে, ইছলাম দুটা পৃথক ভাগৰ মাজত বিভক্ত। এটা বাহ্যিক ভাগ আৰু আনটো হৈছে অন্তঃআত্মাৰ লগত সম্পৰ্ক।  ইছলামৰ প্ৰথম ভাগটো হৈছে  আইন-শৃংখলা, প্ৰাৰ্থনা, সামাজিক আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে আলোচনা কৰা। ইছলামৰ দ্বিতীয় ভাগটো হৈছে অন্তঃআত্মাৰ সংযোগ হোৱা আধ্যাত্মিকতা, যিয়ে মানুহৰ হৃদয় বা আত্মাৰ শুদ্ধিকৰণৰ ওপৰত গুৰুত্ব দিয়ে। ইছলামৰ দ্বিতীয় ভাগত মানুহে ধৰ্মক এক ৰীতি-নীতি হিচাপে পালন নকৰে। বৰঞ্চ ইয়াক আল্লাহৰ লগত প্ৰেম আৰু সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। 
 
ৱালিউল্লাহে লগতে যুক্তি দাঙি ধৰে যে ধৰ্মৰ দুটা ভাগৰ অস্তিত্বৰ অৰ্থ হ’ল ধৰ্মীয় নেতৃত্বকো দুটা পদবীত ভাগ কৰা উচিত। এটা নেতৃত্বই বাহ্যিক সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাৰ দায়িত্ব লয়। ইয়াত ইছলামৰ পণ্ডিত, যোদ্ধা, প্ৰশাসক আৰু শিক্ষক-শিক্ষয়িত্ৰী জড়িত। আন এটা গোটৰ মানুহে মানুহক ইছলামৰ অন্তঃআত্মাৰ আধ্যাত্মিকতাৰ ফালে লৈ যায়। তেওঁলোক হৈছে ইছলামৰ দিকদৰ্শক, যাৰ ওচৰলৈ জনসাধাৰণে পথ প্ৰদৰ্শনৰ বাবে যায়। এওঁলোকেই হৈছে চুফী। 
 
দাৰুল উলুম দেওবন্দৰ শ্ৰেণীকোঠা
 
ৱালিউল্লাই লিখাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মাদাৰিয়া, চিষ্টী, নকশবন্দীৰ দৰে কেইবাখনো চুফী চিলচিলাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁ দাবী কৰিছিল যে এই চুফী গুৰুসকলৰ আত্মাই তেওঁক আধ্যাত্মিক যাত্ৰাত পথ প্ৰদৰ্শন কৰিছিল আৰু চুফী দৰ্শনৰ বিষয়েও শিকাইছিল। 
 
ৱালিউল্লাৰ মতে বিভিন্ন চিলচিলাৰ চুফীসকলক পাৰ্শ্বৱৰ্তী কৰি ৰখা উচিত নহয়। ৱালিউল্লাহে যুক্তি দিছিল যে প্ৰতিজন চুফীয়ে যি সময় আৰু স্থানত বাস কৰে, সেই অনুসৰি নিজকে প্ৰকাশ কৰে। এটা যুগৰ চুফী শিক্ষাক আনৰ লগত তুলনা কৰিব নোৱাৰি। সকলো চুফীয়ে  সমানে সৎ আৰু হজৰত আলীৰ শিক্ষা সাধনৰ বাবে চেষ্টা কৰে।  
 
ৱালিউল্লাহে বিশ্বাস কৰিছিল যে, চুফীসকলৰ সকলোধৰণৰ জ্ঞানৰ তিনিটা মূল উৎস ক্ৰমে হজৰত মহম্মদ, হজৰত আলী আৰু ঘাউছ আজম। 
 
ৱালিউল্লাহৰ মতে চুফীবাদে নিজৰ আত্মা পবিত্ৰ কৰাৰ ইছলামিক প্ৰথাৰ উচ্চস্তৰৰ তত্বাৱধান কৰে; চুফীসকলে মানুহক আল্লাহৰ ফালে লৈ  আহে। তেওঁৰ মতে, অন্তঃআত্মাৰ সংযোগ হোৱা আধ্যাত্মিকতা ধৰ্মীয় ৰীতি-নীতি কৰ্তব্যতকৈ উচ্চস্থানত আছে।  ৱালিউল্লাহৰ এই চিন্তাবোৰ মূলতঃ দাৰুল উলুম দেওবন্দ  আৰু ইয়াৰ সৈতে জড়িত মাদ্ৰাছাসমূহত শিকোৱা হয়।