আৱাজ - দ্য ভইচ ব্যুৰ’
ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিয়েই হিন্দু।- এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS)ৰ মুৰব্বী মোহন ভাগৱতৰ। RSS-ৰ মুৰব্বী মোহন ভাগৱতে শনিবাৰে 'সংঘৰ যাত্ৰাৰ ১০০ বছৰ' শীৰ্ষক এক কাৰ্যসূচীত ভাষণ দি কয় যে 'হিন্দু' কোনো বিশেষ্য শব্দ নহয়, বৰঞ্চ ই এক বিশেষণহে, যিয়ে ভাৰতীয় সভ্যতাৰ চৰিত্ৰক প্ৰতিফলিত কৰে।
ভাগৱতে আৰু কয় যে ভাৰত বিশ্বৰ নেতা "কেৱল ভাষণৰ জৰিয়তে নহয়, বৰঞ্চ উদাহৰণৰ জৰিয়তেহে" হ’ব। তেওঁ কয়, "যদি আপুনি এজন ভাৰতীয়, তেন্তে এই হিন্দু চৰিত্ৰ আপোনাৰ মাজত সহজাতভাৱেই আছে।" ইয়াৰ লগতে তেওঁ গুৰুত্ব দি কয় যে ভাৰতৰ মুছলমান আৰু খ্ৰীষ্টানসকল এই দেশৰেই নাগৰিক।
ভাগৱতে ভাৰতত চাৰি প্ৰকাৰৰ হিন্দু থকা বুলি উল্লেখ কৰে। তেওঁৰ মতে, প্ৰথমটো হ’ল যিসকলে ঘোষণা কৰে, 'আমি হিন্দু’ বুলি গৌৰৱেৰে কওক। দ্বিতীয়টো- যিসকলে কয়, "আমি হিন্দু, তাতে কি হ’ল? ইয়াত ইমান গৌৰৱ কৰিবলগীয়া কি আছে?" তৃতীয় প্ৰকাৰৰটো হ’ল- যিসকলে বিশ্বাস কৰে— "মনে মনে কওক যে আমি হিন্দু। যদি আপুনি আমাক ঘৰত সোধে, তেতিয়াহে আমি ক’ম।" আৰু চতুৰ্থ প্ৰকাৰটোত- "যিসকলে পাহৰি গৈছে, যিসকলক পাহৰিবলৈ দিয়া হৈছে" তেওঁলোক অন্তৰ্ভুক্ত হৈছে।
RSSৰ মুৰব্বীগৰাকীয়ে কয় যে 'হিন্দু ভাৱ' বা হিন্দু অনুভূতি পাহৰি যোৱাৰ বাবেই ভাৰত বিভাজন হৈছিল। তেওঁ কয়, "ধৰ্মৰ বাবেই বিভাজন ঘটিল। আমি হিন্দু বাবেই কওঁ যে আমি সকলো ধৰ্মক সন্মান কৰোঁ। এয়া ভুল বুলি কোৱা মানুহো আছে। ভাৰতত এতিয়াও ইছলাম আৰু খ্ৰীষ্টন ধৰ্ম আছে। সৰু-সুৰা বিবাদ থাকিলেও দেশখন ঐক্যবদ্ধ হৈ আছে। 'হিন্দু ভাৱৰ বিস্মৰণৰ' বাবেই ভাৰত বিভাজন হৈছিল।
ভাগৱতে জোৰ দি কয় যে হিন্দুত্বক গ্ৰহণ কৰাৰ বাবে কোনো লোকে নিজৰ বিশ্বাস, ভাষা বা ধৰ্মীয় আচাৰ-ব্যৱহাৰ ত্যাগ কৰাৰ প্ৰয়োজন নাই। তেওঁ কয়, "হিন্দুত্ব গ্ৰহণ কৰি আপুনি নিজৰ ধৰ্মীয় বিশ্বাস আৰু ভাষা একো হেৰুৱাব নালাগে। হিন্দুত্বই আপোনালোকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে।"
RSSৰ মুৰব্বী মোহন ভাগৱত
তেওঁ লগতে কয় যে এজন ব্যক্তিৰ ধৰ্মীয় বিশ্বাস, খাদ্যাভ্যাস আৰু ভাষা বেলেগ হ’ব পাৰে, কিন্তু "সমাজ, সংস্কৃতি আৰু ৰাষ্ট্ৰ হিচাপে আমি সকলোৱে এক। তেওঁৰ মতে, "আমি ইয়াক হিন্দুত্ব বুলি কওঁ, আপোনালোকে ইয়াক ভাৰতীয়ত্ব বুলি ক’ব পাৰে।" ভাগৱতে লগতে যুক্তি দিয়ে যে 'হিন্দু-মুছলমান একতা' বাক্যাংশটো ভুল, কাৰণ "আপুনি দুজন পৃথক মানুহকহে এক কৰিব পাৰে, যিসকল ইতিমধ্যে এজন হৈ আছে তেওঁলোকক নহয়।"
আলোচনাৰ বাবে আহ্বান জনাই ভাগৱতে কয় যে RSSৰ সৈতে পোনপটীয়া যোগাযোগ নোহোৱাকৈ ইয়াক বুজি পোৱা সম্ভৱ নহয় আৰু ধাৰণা বা অপপ্ৰচাৰৰ ভিত্তিত এই সংগঠনটোক বিচাৰ কৰা উচিত নহয়। তেওঁ কয়, "যদি তথ্যৰ ভিত্তিত সংঘৰ প্ৰতি কোনো বিৰোধিতা থাকে, তেন্তে আমি নিজক শুধৰাম। কিন্তু তথ্যবোৰ জানিবলৈ আপোনালোক আমাৰ ওচৰলৈ আহিব লাগিব।" তেওঁ ন্যায়সংগত আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ শক্তিক সক্ৰিয় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে যাতে সম্প্ৰদায়বোৰ পৰস্পৰে পৰস্পৰৰ পৰিপূৰক হ’ব পাৰে।
যুৱ প্ৰজন্মই যাতে মাদক দ্ৰব্য সেৱন বা আত্মহত্যাৰ পথ বাচি ল'ব নোৱাৰে, তাৰ বাবে পৰিয়ালৰ মাজত মত বিনিময়ৰ গুৰুত্বৰ ওপৰত ভাগৱতে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আত্মসন্মান (self-pride) আৰু আত্ম-বুদ্ধি (self-understanding)ৰ শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।
এই অনুষ্ঠানত বলিউডৰ অভিনেতা ছলমান খান উপস্থিত থাকে আৰু তেওঁক ভাগৱতৰ ভাষণ মনোযোগেৰে শুনি থকা দেখা যায়। চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাই আৰু গীতিকাৰ প্ৰসুন যোশীও অনুষ্ঠানত উপস্থিত থাকে।
মুম্বাইৰ ৱৰ্লি অঞ্চলৰ নেহৰু কেন্দ্ৰত অনুষ্ঠিত 'সংঘৰ যাত্ৰাৰ ১০০ বছৰঃ নতুন দিগন্ত' শীৰ্ষক দুদিনীয়া আলোচনা চক্ৰৰ প্ৰথম দিনা এই বক্তৃতা প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যাত্ৰা, সমাজত ইয়াৰ ভূমিকা আৰু ইয়াৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা ধাৰণাসমূহৰ ওপৰত আলোকপাত কৰা। এই অনুষ্ঠানটো স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূর্তি উপলক্ষে জ্যেষ্ঠ RSS নেতা, আমন্ত্ৰিত বক্তা আৰু জনসাধাৰণক একত্ৰিত কৰাৰ বাবে আয়োজন কৰা হৈছে।