কলম্বোত বুদ্ধৰ পৱিত্ৰ দেৱনীমৰী অৱশেষৰ প্ৰদৰ্শনীঃ ভাৰত-শ্ৰীলংকাৰ সভ্যতাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী মোদীৰ
নতুন দিল্লী / কলম্বো
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বোৰ পৱিত্ৰ গংগাৰামায়া মন্দিৰত পৱিত্ৰ দেৱনিমোৰী অৱশেষ (Holy Devnimori Relics)ৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়াকেৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।
এই পৱিত্ৰ অৱশেষসমূহ গুজৰাটৰ দেৱনিমোৰী নামৰ ঠাইত উদ্ধাৰ হৈছিল। বৰ্তমান এইসমূহ গুজৰাটৰ এম.এছ. ইউনিভাৰ্চিটিত সংৰক্ষিত হৈ আছে। ভগৱান বুদ্ধৰ এই পৱিত্ৰ স্মৃতি চিহ্ন ভাৰতৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনীৰ বাবে শ্ৰীলংকালৈ লৈ যোৱা হৈছে।
২০২৫ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰাৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে শ্ৰীলংকাৰ জনসাধাৰণৰ দৰ্শনৰ বাবে এই পবিত্ৰ অৱশেষসমূহ ভাৰতৰ পৰা তালৈ পঠিওৱা হ’ব। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই এই বিশেষ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ৰাষ্ট্ৰপতি দিছানায়েকে প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছে।
Xত এই সন্দৰ্ভত নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কলম্বোৰ পৱিত্ৰ গংগাৰামায়া মন্দিৰত পৱিত্ৰ দেৱনিমোৰী অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কক ধন্যবাদ জনাইছো। ২০২৫ চনৰ এপ্ৰিলত মোৰ ভ্ৰমণৰ সময়ত সিদ্ধান্ত লোৱা হৈছিল যে এই অৱশেষসমূহ শ্ৰীলংকালৈ অনা হ'ব, যাৰ ফলত দেশবাসীয়ে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুযোগ লাভ কৰিব। আমাৰ দেশ গভীৰ সভ্যতা আৰু আধ্যাত্মিক বন্ধনেৰে সংযুক্ত। ভগৱান বুদ্ধৰ কৰুণা, শান্তি আৰু সম্প্ৰীতিৰ চিৰন্তন বাৰ্তাই মানৱতাক পথ প্ৰদৰ্শন কৰক"।
৪ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে জনসাধাৰণে কলম্বোৰ হুনুপিতিয়া গংগাৰামায়া মন্দিৰত এই পৱিত্ৰ অৱশেষ দৰ্শন কৰিব পাৰিব।গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ চাংভীৰ নেতৃত্বত এটা দলে এই পৱিত্ৰ অৱশেষ কঢ়িয়াই নি শ্ৰীলংকাত উপস্থিত কৰায়।
বুধবাৰে এক পো'ষ্টত ৰাষ্ট্ৰপতি দিছানায়কে কয়, "বুদ্ধৰ পৱিত্ৰ অৱশেষক শ্ৰীলংকাত অহা ১১ তাৰিখলৈ হুনুপিতীয়া গংগাৰামায়া মন্দিৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে আৰু এই পৱিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে গভীৰভাৱে প্ৰশংসা কৰিছো।’’
ভাৰত আৰু শ্ৰীলংকা কেৱল চুবুৰীয়াই নহয়, বৌদ্ধ ধৰ্মৰ জৰিয়তে দুয়োখন দেশৰ মাজত এক গভীৰ আধ্যাত্মিক সংযোগ আছে। ভাৰত চৰকাৰৰ এই পদক্ষেপে দুয়োখন দেশৰ সাধাৰণ মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কয় যে, বুদ্ধৰ দয়া, শান্তি আৰু একতাৰ বাৰ্তাই সমগ্ৰ মানৱ জাতিক সদায় পথ প্ৰদৰ্শন কৰি থাকিব। ইয়াৰ পূৰ্বেও ভাৰতে থাইলেণ্ড, মংগোলিয়া আৰু ভূটানৰ দৰে দেশলৈ এনে পৱিত্ৰ অৱশেষসমূহ দৰ্শনৰ বাবে পঠিয়াই বিশ্বত শান্তিৰ বাৰ্তা বিলাই আহিছে।