কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণ; ব্যাহত হৈ পৰিল ৰে’ল চলাচল

Story by  atv | Posted by  [email protected] • 7 h ago
কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণ; ব্যাহত হৈ পৰিল ৰে’ল চলাচল
কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণ; ব্যাহত হৈ পৰিল ৰে’ল চলাচল
 
গুৱাহাটী
 
বিটিআৰৰ কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ আৰু ছালাকাটিৰ মাজত এই বিস্ফোৰণ সংঘটিত হৈছে।
 
ৰে’লপথত IED সংস্থাপনৰ সন্দেহ। নিশা ২ বজাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষী, ৰে’ল বিভাগৰ লোক। বিস্ফোৰণৰ ফলত ব্যাহত হৈ পৰে ৰে’ল চলাচল।
 
এতিয়াও স্পষ্ট হোৱা নাই কোনে সংঘটিত কৰিলে বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে ছ’চিয়েল মিডিয়াত এক পোষ্ট দি প্ৰমোদ বড়োৱে কয়, ‘‘কেইবাটাও কাৰণত ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে।’’ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ পূৰ্বে ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰমোদ বড়োৰ। জনতাক শান্তি বজাই ৰখাৰো আহ্বান ইউপিপিএল নেতাগৰাকীৰ।
 
আনহাতে, কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ ঘটনাক গৰিহণা কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীৰ। ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে দিয়ে গৰিহণা। আৰক্ষী ,জিলা প্ৰশাসন, ৰে’ল আৰক্ষীৰ লগতে বিটিচি প্ৰশাসনক উচিত তদন্তৰ আহ্বান৷