অসুস্থ পত্নীক লগ কৰাত ব্যৰ্থ হৈ ৭ ঘণ্টাৰ ভিতৰত তিহাৰ জেললৈ উভতিল মনীষ চিছ’দিয়া

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
মনীষ চিছ’দিয়া
মনীষ চিছ’দিয়া
নতুন দিল্লী

স্বাস্থ্যৰ অৱনতি ঘটাত অসুস্থ পত্নীক ততাতৈয়াকৈ দিল্লীৰ এল এন জে পি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাছত শনিবাৰে নিজৰ বাসগৃহৰ পৰা তিহাৰ জেললৈ উভতিল মনীষ চিছ’দিয়া। দিল্লী আবকাৰী নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ ৭ ঘণ্টাৰ বাবে শনিবাৰে অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰা হৈছিল।

পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জামিন মঞ্জুৰ পোৱাৰ পাছত পুৱা দিল্লীৰ মথুৰা ৰোডত থকা নিজৰ বাসগৃহত উপস্থিত হয় চিছ’দিয়াই যদিও অসুস্থ পত্নীক লগ কৰিব নোৱাৰিলে। চিছ’ডিয়াৰ পত্নী মাল্টিপল স্ক্লেৰ’ছিছত আক্ৰান্ত, যিটো মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ সম্ভাৱ্য অক্ষমতা সৃষ্টিকাৰী ৰোগ।

সূত্ৰৰ পৰা জানিব পৰা মতে, আম আদমী পাৰ্টিৰ নেতাগৰাকী নিজ বাসগৃহত গৃহবন্দী কৰি ৰাখি পিছত তিহাৰ জেললৈ পুনৰ লৈ যোৱা হয়।

পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে ছয় সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল মনীষ চিছ’দিয়াই। জামিন আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে নিজৰ নিৰ্দেশ সংৰক্ষণ কৰি ৰাখি এল এন জে পি চিকিৎসালয়ক তেওঁৰ অসুস্থ পত্নীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিছে।

চিছ’দিয়াৰ আইনী অধিবক্তাই আদালতক জনাইছে যে যদিও চিছ’ডিয়া ঘৰলৈ গৈছিল, তথাপিও তেওঁৰ পত্নীক লগ কৰিব নোৱাৰিলে কাৰণ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক এল এন জে পি চিকিৎসালয়লৈ নিবলগীয়া হৈছিল। উচ্চ ন্যায়ালয়ে চিকিৎসালয়ৰ পৰা তেওঁৰ মেডিকেল ৰিপৰ্ট বিচাৰিছে।

মথুৰা ৰোডত থকা নিজৰ বাসগৃহত চিছ’দিয়া গৃহবন্দী হৈ থকাৰ বাবে পৰিয়ালৰ লোকৰ বাহিৰে আন কাকো লগ কৰিবলৈ দিয়া হোৱা নাছিল। লগতে তেওঁক ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ বা সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল।

দিল্লী সুৰা নীতিৰ গোচৰত যোৱা ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ চিছ’দিয়াক। ৯ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়-য়ে তিহাৰ জেলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰাৰ অন্তত একেটা গোচৰতে মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

২০২১ চনৰ ১৭ নৱেম্বৰত দিল্লী চৰকাৰে নতুন সুৰা নীতি কাৰ্যকৰী কৰিছিল যদিও দুৰ্নীতিৰ অভিযোগৰ মাজতে ২০২২ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে এই নীতি বাতিল কৰিছিল। দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগক লৈ চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্ত অব্যাহত আছে আপৰ জ্যেষ্ঠ নেতাগৰাকীৰ ওপৰত।