পিতৃৰ বিজেপিত যোগদান; তাৰ পিছতে পুত্ৰ প্ৰতীক বৰদলৈৰ কংগ্ৰেছৰ টিকট প্ৰত্যাহাৰ

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতীক বৰদলৈ
প্ৰতীক বৰদলৈ
 
গুৱাহাটী
 
অৱশেষত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলে প্ৰতীক বৰদলৈয়ে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ এক পত্ৰ প্ৰেৰণ কৰি এই কথা জনালে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকে। পিতৃয়ে বিজেপিত যোগদান কৰাৰ পাছতে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা নকৰোঁ বুলি জনাই প্ৰতীক বৰদলৈয়ে কংগ্ৰেছ নেতৃত্বলৈ লিখিলে পত্ৰ।
 
"এই পত্ৰৰ জৰিয়তে, দলৰ প্ৰতি থকা মোৰ আনুগত্য আৰু গভীৰ শ্ৰদ্ধাক দ্বিধাহীন ভাবে আকৌ এবাৰ সৰোগত কৰিও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা মোৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আপোনাক অৱগত কৰিব বিচাৰিছোঁ।
 
মোৰ পিতৃৰ আন এটা ৰাজনৈতিক দলত যোগদান কৰা আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী দলৰ ফালৰ পৰা নিজে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ  হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত মই অনুভৱ কৰোঁ যে মোৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাটো উচিত নহ’ব। মই বুজি উঠিছো যে এই পৰিস্থিতিত দলৰ প্ৰাৰ্থী হিচাবে মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজ আৰু অগণন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী, সকলোৰে মনত মোৰ দলীয় নিষ্ঠা সম্পৰ্কে এক খু-দুৱনিৰ উদ্ভৱ হবলৈ আৰম্ভ কৰিছে আৰু সেইটোকে মৰিষণ কৰিবৰ বাবে মই এই নিৰ্বাচনৰ পৰা নিজকে আতঁৰাই ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্বাচনৰ প্ৰাকক্ষণত মোৰ নিজা আনুগত্য, বিশ্বাস   বা দলৰ স্থিতিৰ সন্দৰ্ভত ৰাইজৰ মনত যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হয় তেন্তে সেইয়া অতি অন্যায় কৰা হ’ব।
 
সংগঠনটোৰ প্ৰতি আৰু কংগ্ৰেছ দলৰ মূল্যবোধৰ প্ৰতি থকা সন্মান জনাই মই এই সিদ্ধান্তত উপনীত হৈছোঁ। দলৰ নেতৃত্বই মোৰ প্ৰতি ৰখা আস্থাৰ বাবে মই চিৰ কৃতজ্ঞ হৈ ৰম।"