দিল্লীত চাৰি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৯ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 4 h ago
চাৰি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড
চাৰি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড
 
নতুন দিল্লী
 
ৰাজধানী দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰ অঞ্চলৰ চাৰি মহলীয়া অট্টালিকাত দেওবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়।
 
অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩:৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে আৰু লগে লগে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে৷ অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। যথেষ্ট প্ৰচেষ্টাৰ অন্তত পুৱা প্ৰায় ৬:২৫ বজাত জুই নিয়ন্ত্ৰণ কৰা হয় যদিও উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে।
অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীৰ দলে যৌথভাৱে অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। এই পৰ্যন্ত প্ৰায় এক ডজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে আৰু তেওঁলোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
 
ইফালে ধ্বংসাৱশেষৰ পৰা এই পৰ্যন্ত চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও তেওঁলোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । শ্বাহদাৰাৰ ডিচিপি আৰ পি মীনাই কয়, "অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অন্যান্য প্ৰশাসনিক সংস্থাই তৎক্ষণাত কাৰ্যত লিপ্ত হয় । আৱদ্ধ লোকসকলক নিৰাপদে উলিয়াই অনাৰ লগতে আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে ।" অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক পৰ্যায়ত শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷
 
ঘটনাস্থলীত তদন্তকাৰী সংস্থাসমূহে তদন্ত অব্যাহত আছে আৰু ইয়াৰ সম্যক তদন্ত অব্যাহত আছে। স্থানীয় ৰাইজৰ মতে, অগ্নিকাণ্ড দ্ৰুতগতিত বিয়পি পৰিছিল । সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে ওচৰ-পাজৰ অঞ্চল খালী কৰি ৰাইজক ঘটনাস্থলীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। বৰ্তমান সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে আৰু এতিয়াও কিছু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।