আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন; হুগলী নদীত পাঁচশ নাৱৰ ওপৰত কৰিব যোগ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনৰ দিনটো ঐতিহাসিক ক্ষণৰ সন্মুখীন হ'ব পশ্চিমবংগ। কিয়নো ইয়াতে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী। যাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।
 
যোগ দিৱস উপলক্ষে হুগলী নদীৰ ওপৰত ৫০০ নাৱত বহি সহস্ৰাধিক লোকে যোগ কাৰ্যসূচী ৰূপায়ণ কৰিব। দেশত প্ৰথমবাৰলৈ এয়া হ'ব ব্যতিক্ৰমী কাৰ্যসূচী। ইয়াৰ বাবে সুন্দৰবনৰ পৰা ইতিমধ্যে ৫ শতাধিক নাও হুগলী নৈলৈ অনা হৈছে।
 
তদুপৰি কলকাতাৰ ৰেড ৰোডত অনুষ্ঠিত হ'বলগীয়া যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কাৰ্যসূচীতো ৩৫ হাজাৰৰো অধিক লোকৰ সৈতে যোগ কৰিব তেওঁ। এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে- নিৰোগী দেহৰ বাবে যোগ। ইয়াৰ উদ্দেশ্য হ'ল- বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ স্বাস্থ্যৰ মান উন্নত কৰা।