নতুন দিল্লী
সমগ্ৰ দেশতে প্ৰতিযোগীতামূলক পৰীক্ষাসমূহৰ প্ৰশ্নকাকত ফাদিল, নকল আৰু অন্যান্য অনিয়মৰ পৰা মুক্ত কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ‘ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) সংশোধনী আইন, ২০২৬’-এ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছে।
ইয়াৰ লগে লগে এই সংশোধিত আইনখন সমগ্ৰ দেশতে কাৰ্যকৰী হৈ পৰিছে। নতুন আইনখনত প্ৰশ্নকাকত ফাদিল কৰা মাফিয়া, সংগঠিত নকল আৰু পৰীক্ষাত অনিয়ম কৰাসকলৰ বিৰুদ্ধে আগতকৈও অধিক কঠোৰ শাস্তি, গধুৰ জৰিমনা আৰু দ্ৰুত শুনানিৰ ব্যৱস্থা কৰা হৈছে।
পৰীক্ষাসমূহ স্বচ্ছ কৰি ৰখা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে অনা ‘ৰাজহুৱা পৰীক্ষা (অসাধু উপায় ৰোধ) সংশোধনী আইন, ২০২৬’-এ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছে। ৰাষ্ট্ৰপতিৰ সন্মতিৰ লগে লগে এই সংশোধনী বিধেয়কখনে এতিয়া আইনৰ ৰূপ ল’লে। সংসদৰ উভয় সদনত গৃহীত হোৱাৰ পিছত ইয়াক চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল।
এই নতুন আইনখনে পূৰ্বৰে পৰা বলৱৎ হৈ থকা ‘ৰাজহুৱা পৰীক্ষা (অসাধু উপায় ৰোধ) আইন’ত বহুকেইটা গুৰুত্বপূৰ্ণ সংশোধন সাধন কৰিছে।
নতুন আইনখনৰ মূল উদ্দেশ্য হৈছে প্ৰতিযোগীতামূলক পৰীক্ষাসমূহৰ প্ৰশ্নকাকত ফাদিল, নকল, প্ৰযুক্তিগত অনিয়ম আৰু অন্যান্য ধৰণৰ খেলিমেলি সম্পূৰ্ণৰূপে ৰোধ কৰা। ইয়াৰ অধীনত পৰীক্ষাত অনিয়ম কৰা চক্ৰ, কোচিং প্ৰতিষ্ঠান, সেৱা প্ৰদানকাৰী আৰু যিকোনো ধৰণৰ যোগসাজশ থকা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখযোগ্য যে, সংশোধিত আইনখনৰ আওতালৈ সংঘ লোকসেৱা আয়োগ (UPSC), কৰ্মচাৰী চয়ন আয়োগ (SSC), ৰেলৱে নিযুক্তি ব’ৰ্ড (RRB), ৰাষ্ট্ৰীয় পৰীক্ষা এজেন্সী (NTA) আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ দ্বাৰা আয়োজিত সকলো ৰাজহুৱা পৰীক্ষা আহিব।