৮২ জনলৈ বৃদ্ধি বানত মৃত্যু হোৱা লোকৰ সংখ্যা; ক্ষতিগ্ৰস্ত ১.৯২ লাখ লোক

Story by  atv | Posted by  [email protected] • 1 Months ago
৮২ জনলৈ বৃদ্ধি বানত মৃত্যু হোৱা লোকৰ সংখ্যা
৮২ জনলৈ বৃদ্ধি বানত মৃত্যু হোৱা লোকৰ সংখ্যা
 
নতুন দিল্লী
 
ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে। বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে। শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
 
ইয়াৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে। ইফালে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নগাঁও আৰু চৰাইদেউ জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৩৭৯ খন গাঁৱৰ ১,৯২,৭৯৯ লাখ লোক বৰ্তমানো বানৰ কৱলত আছে।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা দৈনিক বান সম্পৰ্কীয় বুলেটিন প্ৰকাশ পাইছে এই তথ্য৷ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানৰ ফলত চৰাইদেউ জিলা আটাইতকৈ বেছি ৭৭,৪৫৬ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শিৱসাগৰ জিলাত ৬৩,৪৯২ জন আৰু যোৰহাটত ৩৪,০৬৭ জন লোক বানৰ ফলত প্ৰভাৱান্বিত হৈছে।
 
ইফালে ১৫,৪৩০ হেক্টৰ কৃষি ভূমি বৰ্তমানো পানীৰ তলত আছে আৰু ১০,৮৫৫ টা পশুধন বানত আক্ৰান্ত হৈছে। বানাক্ৰান্ত জিলাসমূহত এতিয়াও মুঠ ৫৪ টা সাহায্য শিবিৰ কাৰ্যক্ষম হৈ আছে আৰু এই শিবিৰত প্ৰায় ১২,৯৯৪ জন লোকে আশ্ৰয় লৈছে ৷ বুলেটিনত উল্লেখ কৰা হৈছে যে সাহায্য সামগ্ৰী বিতৰণৰ বাবেও ২৬টা কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ৫,৩৮৪ জন লোকক সাহায্য প্ৰদান কৰা হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফকে ধৰি বিভিন্ন সংস্থাই সাহায্য অভিযান অব্যাহত ৰাখিছে।