অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে ১০,০০০ টকালৈকে জৰুৰীকালীন অগ্ৰিম ধনৰ পৰিকল্পনা অসম চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 13 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসম চৰকাৰে ‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ১০,০০০ টকালৈকে এক জৰুৰীকালীন অগ্ৰিম সুবিধা আৰম্ভ কৰাৰ কথা বিবেচনা কৰি আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
 
প্রস্তাৱিত এই সুবিধাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন অৱস্থাত মহিলা হিতাধিকাৰীসকলক জৰুৰী বিত্তীয় প্ৰয়োজন পূৰণ কৰাত সহায় কৰা। অগ্ৰিম হিচাপে লোৱা এই ধনৰাশি ভৱিষ্যতে অৰুণোদয়ৰ অধীনত পাবলগীয়া ধনৰ পৰা কিস্তিত বা মাহেকীয়াকৈ অলপ অলপকৈ কৰ্তন কৰি কাটি লোৱা হ’ব পাৰে।
 
এখন সভাত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে, আঁচনিখনৰ জৰিয়তে প্ৰদান কৰা বিত্তীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে এই প্ৰস্তাৱটো চালি-জাৰি চাইছে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰায় ৩৭ লাখ মহিলাক অৰুণোদয়ৰ অধীনত বিত্তীয় সাহায্য প্ৰদান কৰি অহা হৈছে আৰু এপ্ৰিল মাহৰ পৰা ৯,০০০ টকাকৈ বিতৰণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত এই আঁচনিখন ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ লাভ কৰা বিষয়সমূহৰ ভিতৰত পৰে বুলিও তেওঁ যোগ কৰে।
 
শৰ্মাই কয় যে চৰকাৰে অৰুণোদয়ৰ সুবিধাসমূহ পৰিচয় আইডিৰ (আধাৰ) সৈতে সংযোগ কৰাৰ বাবেও কাম কৰি আছে। জালিয়াতিসমূহ ৰোধ কৰিবলৈ আৰু প্ৰকৃত হিতাধিকাৰীয়ে যাতে বিত্তীয় সাহায্য লাভ কৰাটো নিশ্চিত হয়, তাৰ বাবে হিতাধিকাৰীসকলৰ বেংক একাউণ্টসমূহ বেংক-আইডি সংযোগ  কৰা হৈছে।
 
তেওঁ কয় যে বৰ্তমান চলি থকা এই আইডি সংযোগ প্ৰক্ৰিয়াৰ বাবে প্ৰায় ১৭,০০০ হিতাধিকাৰীয়ে ধন লাভ কৰাৰ ক্ষেত্ৰত সাময়িক বিলম্বৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে চৰকাৰে এই সমস্যা সমাধান কৰিবলৈ আৰু সময়মতে সুবিধা প্ৰদান সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।
 
ইফালে, অসমৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে বানপীড়িত অৰুণোদয় হিতাধিকাৰীসকলে অতিৰিক্ত ২,৫০০ টকাৰ বিত্তীয় সাহায্য লাভ কৰিব।
 
তেওঁ লগতে জনায় যে প্ৰায় ৩৬ লাখ মহিলাই বান সাহাৰ্য্যৰ প্ৰচেষ্টালৈ প্ৰত্যেকে ১৫০ টকাকৈ বৰঙণি আগবঢ়াব।
 
চৰকাৰে ‘অৰুণোদয় সাৰথি’সকলক বিশেষ দায়িত্ব অৰ্পণ কৰিছে, য’ত প্ৰতিটো অঞ্চলৰে হিতাধিকাৰীসকলক সহায় কৰিবলৈ আৰু আঁচনিখনৰ সৈতে জৰিত সমস্যাসমূহ সমাধানত সহায় কৰিবলৈ এজনকৈ সাৰথি নিৰ্ধাৰণ কৰা হৈছে।