গুৱাহাটী
নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত ২২-২৫ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মহাযোগ। এই অম্বুবাচী মহাযোগ উপলক্ষে নীলাচল পাহাৰলৈ সাধু-সন্নাসী আৰু ভক্তপ্ৰাণ ৰাইজৰ সোঁত বৈছে।
অম্বুবাচী মহাযোগৰ বাবে অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূর্ণ তীর্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে।
অম্বুবাচীৰ সময়চোৱাত তীর্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে বিশেষ ৰে’লৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত ৰে’লৰ সুবিধা আৰু সুৰক্ষা কৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্র স্থাপন তথা তীর্থযাত্ৰীসকলৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানীৰ বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্রীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাসমূহৰ মূল লক্ষ্য হৈছে ভক্তসকলৰ বাধাহীন যাতায়াত নিশ্চিত কৰা, ফলপ্রসূ ভিৰ নিয়ন্ত্রণ বজাই ৰখা আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰা। যাতে অঞ্চলটোৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৱেশ অম্বুবাচী মহাযোগৰ সময়ত সকলোৰে বাবে এক সুৰক্ষিত আৰু সুসংগঠিত যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত হয়।
এই সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, ‘‘তীর্থযাত্ৰীসকলৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰায় ৫০টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ(জি এছ) ডবাসহ তিনিখন বিশেষ অসংৰক্ষিত ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। যিয়ে কামাখ্যাক অসম আৰু উত্তৰ বংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ গন্তব্যস্থানৰ সৈতে সংযোগ স্থাপন কৰিব।’’
ইয়াৰোপৰি অম্বুবাচী মেলাৰ সময়চোৱাত যাত্রীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ অর্থে বিভিন্ন নিয়মীয়া যাত্রীবাহী ৰে’লসমূহত অস্থায়ীভাৱে ১১টা অভিষিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। এই সময়ত চলিবলগীয়া বিশেষ ৰে’লৰ কাৰ্যসূচীসমূহ হৈছে এনেধৰণৰ -
ৰে’ল নং ০৫৬৬১ কামাখ্যা-আলিপুৰদুৱাৰ জংচন ৱান ৱে’ বিশেষ ৰে’লখনে ১৯ জুনত কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা আলিপুৰদুৱাৰত গৈ উপস্থিত হ'ব।
ৰে’ল নং ০৪৪৮৮/০৫৮৮৫ আলিপুৰদুৱাৰ-কামাখ্যা-আলিপুৰদুৱাৰ বিশেষ ৰে’লসমূহ ২০ জুনৰ পৰা ২২ জুনলৈ আৰু ২৪ জুনৰ পৰা ২৭ জুনলৈকে প্রতিদিনে চলিব। এই বিশেষ সেৱাই অম্বুবাচী মেলাৰ সময়ত অসম আৰু উত্তৰ বংগৰ মাজত উন্নত সংযোগ নিশ্চিত কৰিব।
ৰে’ল নং ০৫৭৮০ নিউ জলপাইগুৰি-কামাখ্যা বিশেষ ৰে’লখন ২০ আৰু ২৭ জুনত চলাচল কৰিব।
ৰে’ল নং ০৫৭৭৯ নিউ জলপাইগুৰি বিশেষ ৰে’লখন ২১ আৰু ২৮ জুনত চলাচল কৰিব। এই বিশেষ ৰে’লসমূহে পবিত্ৰ কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলৰ বাবে অতিৰিক্ত ভ্রমণ সুবিধা উপলব্ধ কৰিব।
শৰ্মাই লগতে কয়, ‘‘নিৰ্বিঘ্নে টিকট ক্ৰয়ৰ সুবিধা প্ৰদানৰ বাবে গুৱাহাটী আৰু কামাখ্যা ৰে’ল ষ্টেচনত দিনে-নিশাই অতিৰিক্ত টিকট কাউণ্টাৰ মুকলি কৰি ৰখা হৈছে। মেলাৰ সময়চোৱাত তীর্থযাত্রীক নীতি নির্দেশনা, তথ্য আৰু সাহাৰ্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ স্থানসমূহত বিশেষ হেল্প ডেস্ক আৰু অনুসন্ধান কাউণ্টাৰ স্থাপন কৰা হৈছে। ফলপ্রসূ ভিৰ নিয়ন্ত্ৰণ আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যেৰে কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰে’ল সুৰক্ষা বাহিনী, চৰকাৰী ৰে’ল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে।’’
‘‘অম্বুবাচী মেলাৰ সময়ত তীর্থযাত্রীসকলক নির্দেশনা, তথ্য আৰু অন্যান্য সাহায্য় সেৱা প্রদান কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ প্ৰায় ২০০ জন স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে । এই পদক্ষেপে অম্বুবাচী মেলাৰ সময়চোৱাত তীর্থযাত্ৰীসকলৰ বাবে সুগম আৰু নিৰৱচ্ছিন্ন তীর্থ যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰাত সহায় কৰিব। এই বিস্তৃত পদক্ষেপসমূহৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলৰ বাবে নিৰাপদ, সুবিধাজনক আৰু নিৰৱচ্ছিন্ন তীর্থযাত্ৰাৰ অভিজ্ঞতা প্রদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱাৰ লগতে উৎসৱৰ সময়ছোৱাত তীর্থযাত্ৰীৰ গতিবিধি আৰু অধিক সুগম কৰি তুলিব।’’